spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআন্তঃৰাষ্ট্ৰীয়কোনো সাধুকথা নহয়;৩০ বছৰৰ মূৰত হ্ৰদৰ মাজৰ পৰা ওলাই আহিল এখন গাঁও

কোনো সাধুকথা নহয়;৩০ বছৰৰ মূৰত হ্ৰদৰ মাজৰ পৰা ওলাই আহিল এখন গাঁও

ডিজিটেল ডেস্কঃ কোনো সাধুকথা নহয় বা কোনো হলীউডৰ চিনেমা নহয়, বাস্তৱত এখন গাঁও হ্ৰদৰ মাজৰ পৰা ওলাই আহিল। যি খবৰে স্তম্ভিত কৰি তুলিছে বিশ্ববাসীক। এবছৰ, দুবছৰ নহয় ৩০ বছৰ গাঁওখন লিণ্ডোচা নামৰ এটা হ্ৰদৰ ভিতৰত সোমাই আছিল। ৩০ বছৰ ধৰি হ্ৰদৰ পানীৰ তলত সোমাই থকা গাঁওখন পুনৰ ওলাই আহিছে। গাঁওখনৰ ভগা-ছিগা ঘৰ, মামৰে ধৰা বাহন, বাট পথ আদি সকলো বৰ্তমান দৃশ্যমান হৈ পৰিছে।

মামৰে ধৰা বাহন

আগতে এইখন গাঁৱত গাঁওবাসীয়ে আনন্দৰে বাস কৰিছিল। কিন্তু এতিয়া ধুনীয়া গাঁওখন ভূতৰ আবাসথলীৰ দৰে হৈ পৰিছে। এই ঘটনা স্পেইনৰ। ১৯৯২ চনত পানীৰ মাজত সোমাই পৰিছিল এছেৰেডো (Aceredo) নামৰ গাঁওখন। এছেৰেডো এতিয়া ৩০ বছৰৰ অন্তত বাহিৰ ওলাই অহাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিছুমানে ‘এছেৰেডো’ক ভূতৰ গাঁও বুলি অভিহিত কৰিছে।

জৰাজীৰ্ণ অৱস্থাত থকা ঘৰসমূহ

গাঁওখনৰ সেই সকল বাসিন্দাও আহিছে নিজৰ নিজৰ এৰি থৈ যোৱা ঘৰটো চাবলৈ।পুৰণি স্মৃতি ৰোমন্থণ কৰিবলৈ যিয়ে যেনেকৈ পাৰে ঢপলিয়াই আহিছে। তেওঁলোকে বাট পথবোৰত খোজ কাঢ়ি চাইছে।

আপোন গাঁওখনৰ স্মৃতি বিচাৰি আহিছে বহুজন

কিন্তু এই সকলোবোৰ কেৱল মাত্ৰ কেইটামান দিনৰ বাবে বা বছৰৰ বাবেও হ’ব পাৰে। হয়তো গাঁওখন স্থায়ীভাৱে ৰৈ যাবও পাৰে। পানী বৃদ্ধি পালে পুনৰ হ্ৰদৰ মাজত লুকাই পৰিব পাৰে গাঁওখন। গতিকে মাঁথো সময়লৈ অপেক্ষা। ছ’চিয়েল মিডিয়াত গাঁওখনৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

আৰু পঢ়কঃ ভাৰতত প্ৰথমবাৰলৈ বৃদ্ধি পালে মহিলাৰ সংখ্যা;১০০০ পুৰুষৰ বিপৰীতে ১০২০ মহিলা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular