spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিক‘কপৌ চৰাইৰ বাহ’ নহয়, চকুত লগা হ’ব ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহঃ গোৰেশ্বৰত ৩১টা...

‘কপৌ চৰাইৰ বাহ’ নহয়, চকুত লগা হ’ব ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহঃ গোৰেশ্বৰত ৩১টা অংগনবাড়ী কেন্দ্ৰ

ডিজিটেল ডেস্ক : ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহ নতুন আৰ্হিত নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো অংগনবাড়ী কেন্দ্ৰ উন্নীত কৰি হ’ব বুলি অলপতে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। ঘোষণাৰ পাছতেই এটা এটাকৈ মুকলি কৰা হৈছে নতুন আৰ্হিৰ অংগনবাড়ী কেন্দ্ৰসমূহ।

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাক্সা জিলাত নিৰ্মাণ কৰি উলিওৱা অংগনবাড়ী কেন্দ্ৰ সমূহৰ শুভ উদ্বোধন কৰে ৷ উক্ত অনুস্থানৰ লগত সংগতি ৰাখি গোৰেশ্বৰ খণ্ড উন্নয়নৰ অন্তৰ্গত অংগনাবাড়ী কেন্দ্ৰগৃহ লাভ কৰা প্ৰতিটো ভিচিডিচিৰ চেয়াৰমেনেসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধনী কৰাৰ সময়তে অংগনবাড়ী কেন্দ্ৰ গৃহ মুকলি কৰে ৷ গোৰেশ্বৰৰ দেবেন ডেকা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰি উলিওৱা অংগনাবাড়ী কেন্দ্ৰটো একে সময়তে ৰঙা ফিটা কাটি মুকলি কৰে চেয়াৰমেন অৰুণ মাঝীয়ে৷ ইপিনে উক্ত অনুস্থানত গোৰেশ্বৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা অশোক গোস্বামী, মণ্ডল বিজেপিৰ সম্পাদক মণ্টু ৰাম ডেকাৰ লগতে দেবেন ডেকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কামিনীকান্ত ডেকা উপস্থিত থাকে ৷

মনকৰিবলগীয়া যে, সাংবাদিকেৰে হোৱা এক কথা-বতৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে আগন্তুক ৩ বছৰৰ ভিতৰত নিৰ্মাণ কৰিব ১০ হাজাৰ নতুন আৰ্হিৰ অংগনবাড়ী কেন্দ্ৰৰ গৃহ। পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো অংগনবাড়ী কেন্দ্ৰ পূৰণি আৰ্হিৰ পৰা নতুন আৰ্হিলৈ পৰিৱৰ্তন কৰা হ’ব। একে আঁচনিৰ অধীনত এই বছৰ ৩ হাজাৰ অংগনবাড়ী কেন্দ্ৰ পৰিৱৰ্তন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে।

আন এক সাক্ষাত্‍কাৰত ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত মুঠ ৬১ হাজাৰ অংগনবাড়ী কেন্দ্ৰ আছে বুলি সদৰী কৰে। চলিত বৰ্ষতে ৰাজ্য চৰকাৰে ৩ হাজাৰ কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ সিদ্ধান্ত লৈছে। লগতে উক্ত গৃহসমূহ নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় যুৱকক চৰকাৰে অগ্ৰাধিকাৰ দিব বুলিও জানিবলৈ পোৱা গৈছে। প্ৰতিটো সমষ্টিৰ অন্তৰ্গত কেন্দ্ৰসমূহৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰিব সংশ্লিষ্ট সমষ্টিৰ বিধায়কসকলে। প্ৰতিটো আদৰ্শ গৃহ নিৰ্মাণৰ বাবদ ২৫ লাখকৈ টকা ধাৰ্য কৰা হৈছে বুলিও অৱগত কৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular