spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকঅসমৰ ৩২জন চিকিৎসকৰ মৃত্যু হ'ল ক'ভিডত

অসমৰ ৩২জন চিকিৎসকৰ মৃত্যু হ’ল ক’ভিডত

ডিজিটেল ডেস্কঃ কোভিড-১৯ এটা অদৃশ্য মানৱ ঘাতক মহামাৰী ৰোগ৷ সন্ত্ৰাসী ক’ৰোনা মহামাৰীয়ে যোৱা দুটা বছৰে জীৱ শ্ৰেষ্ঠ মানৱ সভ্যতাৰ ৰাজহাড় ডাল ভাঙি থৈ গ’ল বুলি ক’লেও ভূল কোৱা ন’হব৷ এই ভাইৰাচৰ কৱলত পৰি তস্ত্ৰমান হৈছে আজি সমগ্ৰ মানৱ জাতি৷ কোভিড-১৯ ত আক্ৰান্ত হৈ বহুলোকৰ মৃত্যু হ’ল, বহু লোকে নিজৰ আত্মীয় স্বজন হেৰুৱাঁব লগা হ’ল৷ অৱশ্যে ভেকচিনৰ উদ্ভাৱনৰ পাছত এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ববাসীয়ে যথেষ্ট সকাহ লাভ কৰিলে আৰু বৰ্তমান এই ভাইৰাছবিধো যথেষ্ট নিয়ন্ত্ৰণলৈ আহিছে৷


শেহতীয়াকৈ ভাৰতীয় মেডিকেল এছচিয়েছনৰ প্ৰতিবেদনত অসম সন্দৰ্ভত কৰা এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে৷ তথ্য অনুসৰি, যোৱা দুটা বছৰে ক’ভিড-১৯ ত আক্ৰান্ত হৈ অসমৰ মুঠ ৩২ জন চিকিৎসকে জীৱন হেৰুৱালে৷ কভি’ডৰ প্ৰথমটো ঢৌত ক’ভিডৰ ফলত ২০ জন চিকিৎসকৰ মৃত্যু হোৱাৰ বিপৰীতে ক’ভিডৰ দ্বিতীয় ঢৌত আকৌ ১২ জন চিকিৎসকৰ মৃত্যু হৈছে৷ তথ্যৰ মতে, অমমৰ ৩ জন ডাক্তৰ চিকিৎসাৰ সূৰ্ত্ৰে গৈ মণিপুৰত মৃত্যু হৈছে৷ প্ৰতিবেদনত এইটো তথ্যও প্ৰকাশ পাইছে যে, কভি’ড ১৯ ত আক্ৰান্ত হৈ ভাৰতত সৰ্বমুঠ ১৫৯৪ জন চিকিৎসকৰ মৃত্যু হৈছে৷ প্ৰতিবেদনত ভাৰতৰ আটাইকেইখন ৰাজ্যৰ চিকিৎসক মৃত্যুৰ তথ্য প্ৰকাশ পাইছে আৰু সৰহ সংখ্যাক চিকিৎসকে ক’ৰোনা আক্ৰান্তক চিকিৎসা কৰোতে ক’ভিড ১৯ ভাইচাছৰ চিকাৰ হৈছে আৰু চিকিৎসকসকলে মৃত্যুক আকোঁৱালি ল’ব লগা হ’ল৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular