spot_img
25 C
Guwahati
25 C
Guwahati
মঙলবাৰ, অক্টোবৰ 19, 2021
Homeৰাজনৈতিক৫সমষ্টিত উপ-নিৰ্বাচন, সংবাদমেলযোগে কি নিয়ম প্ৰকাশ কৰিলে নিৰ্বাচন আয়ুক্তই?

৫সমষ্টিত উপ-নিৰ্বাচন, সংবাদমেলযোগে কি নিয়ম প্ৰকাশ কৰিলে নিৰ্বাচন আয়ুক্তই?

ডিজিটেল ডেস্ক : ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব অসমৰ ৫টা সমষ্টিত উপ-নিৰ্বাচন৷ ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নীতিন খাড়েয়ে এই সন্দৰ্ভত আজি এখনি সংবাদমেল আয়োজন কৰে৷ শুকুৰবাৰে প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ অন্তিম দিন৷ ক’ভিডৰ বাবে নিৰ্বাচন আয়ুক্তই কিছু নীতি-নিয়ম বান্ধি দিয়ে৷ সেইবোৰ হ’ল – মনোনয়ন দাখিলৰ সময়ত থাকিব পাৰিব ৩জনকৈ প্ৰাৰ্থী৷

কোনো প্ৰাৰ্থীয়ে বাহিৰ কৰিব নোৱাৰিব সমদল৷ মুকলি স্থানৰ প্ৰচাৰত ৫০ শতাংশ লোকৰ অনুমতি প্ৰদান৷ ৰোডশ্ব’, বাইক ৰে’লীৰ নাই অনুমতি৷ প্ৰচাৰৰ সময়ত ২০খন গাড়ী ব্যৱহাৰৰ অনুমতি ঘোষণা কৰে তেওঁ৷ ক’ভিড বিধি উলংঘা কৰিলে বাতিল হ’ব নিৰ্বাচনী প্ৰচাৰ বুলিও উল্লেখ কৰে নিৰ্বাচন আয়ুক্তই৷

সন্ধিয়া ৭ বজাৰ পাছত চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬অক্টোবৰ বুলি ধাৰ্য কৰা হয়৷ ২ নৱেম্বৰত হ’ব উপ-নিৰ্বাচনৰ ভোটগণনা৷ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটকেন্দ্ৰত ক’ভিড বিধি মানি চলাটো বাধ্যতামূলক কৰা হ’ব বুলিও মন্তব্য নীতিন খাড়েৰ৷ সকলো পুলিং-প্ৰিজাইডিং বিষয়াক প্ৰদান কৰা হৈছে ভেকচিন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular