spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeৰাষ্ট্ৰীয়মর্মান্তিক! ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ ৫জনৰ কৰুণ মৃত্যু

মর্মান্তিক! ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ ৫জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্কঃ এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একে পৰিয়ালৰ ৫ জন সদস্যই। শুকুৰবাৰে পুৱাই সংঘটিত হৈছে এই দুখজনক ঘটনা। পশ্চিমবংগৰ বৰ্ধমানত কামনাৰা অঞ্চলত সংঘটিত হৈছে এই মৰ্মান্তিক পথ দুৰ্ঘটনাটো। মৃতসকলৰ ভিতৰত দুটা শিশুসহ দুগৰাকী মহিলাও আছিল। পৰিয়ালৰ সূত্ৰই জনোৱা মতে বৰ্ধমানৰ পৰা এখন স্কৰপিঅ’ গাড়ীৰে মুৰ্ছিদাবাদৰ ঘৰলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

স্কৰপিঅ’ গাড়ীখন আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই সংঘৰ্ষত স্কৰপিঅ’খনত থকা একে পৰিয়ালৰ পাঁচজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। গাড়ীখনত মুঠ ১১ জন লোক আছিল। আহত সকলক হাস্পতালত ভৰ্তি কৰা হৈছে। আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ অনুসন্ধান কৰি আছে।

আৰু পঢ়কঃ বিয়াৰ দিনা মেগী খোৱাত ব্যস্ত কইনা! ক’লে, ‘দৰাই অপেক্ষা কৰক’!

নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল নেকি সেয়াও অনুসন্ধান কৰা হৈছে। কুঁৱলীৰ বাবে পুৱাৰ ভাগত মাজে মাজে দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। গাড়ীখনত থকা আটাইকেইজন মুৰ্ছিদাবাদৰ বাসিন্দা বুলি জানিব পৰা গৈছে। একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হোৱাত সমগ্ৰ অঞ্চলটোৱে গভীৰ শোক প্ৰকাশ কৰিছে। 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular