spot_img
25 C
Guwahati
25 C
Guwahati
শনিবাৰ, নৱেম্বৰ 27, 2021
Homeআঞ্চলিকআলফা স্বাধীনলৈ ৫যুৱতী! প্ৰতিভাৱান খেলুৱৈ ও কিয় কৰিলে যোগদান?

আলফা স্বাধীনলৈ ৫যুৱতী! প্ৰতিভাৱান খেলুৱৈ ও কিয় কৰিলে যোগদান?

ডিজিটেল ডেস্ক : আলফা আৰু চৰকাৰৰ আলোচনাৰ প্ৰসংগৰ চৰ্চা হৈ থকাৰ মাজতে ব্যাপক হাৰত আলফা স্বাধীনত ভৰ্তি হৈ আছে সদস্য৷ এইবাৰ আলফালৈ গমন কৰাৰ সন্দেহ কৰিছে ৰাজ্যৰ পাঁচগৰাকী যুৱতী৷ ৫ যুৱতীৰ আলফা স্বাধীনত যোগদানক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ তাৰ ভিতৰত অসমৰ দুগৰাকীকৈ প্ৰতিভাৱান খেলুৱৈৰ অৰণ্য অভিমুখে কৰা গমনলৈ তীব্ৰ চৰ্চা লাভ কৰিছে৷ ৰাষ্ট্রীয় কিক বক্সিং খেলুৱৈ সবিতা চেতিয়াৰ আলফালৈ কৰা গমনে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰতিভাৱান খেলুৱৈ সবিতাৰ ঘৰ গোগামুখত বুলি জানিবলৈ পোৱা গৈছে৷ আনহাতে তিনিচুকীয়াৰ নয়নমণি চেতিয়াৰো আলফাত যোগদান কৰাৰ খবৰে সকলোকে হতভম্ভ কৰিছে৷ জানিব পৰা মতে, ৩ দিনৰ পূৰ্বে খেলিবলৈ বুলি ওলাই গৈছিল ঘৰৰ পৰা৷

নয়নমণি চেতিয়াও ৰাষ্ট্রীয় পৰ্যায়ৰ কিক বক্সাৰ৷ ইপিনে লখিমপুৰৰ লালুকৰ শমিষ্ঠা শইকীয়াই আলফাত যোগদান কৰে৷ মৰিগাঁও আৰু মাজুলীৰো আন দুগৰাকী যুৱতীৰো যোগদানৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷ অৰণ্যৰ পৰা যুৱতী কেইগৰাকীয়ে প্ৰকাশ কৰিছে ভিডিঅ’৷ ইতিমধ্যেই যুৱতী কেইগৰাকীৰ ঘৰত উঠিছে কান্দোনৰ ৰোল৷ আলফা স্বাধীনৰ নতুন সদস্যভৰ্তিক লৈ সৃষ্টি হৈছে উদ্বিগ্নতাৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular