ক’ভিড বিজয় নে বিয়পোৱাৰ আনন্দ! উহানত পুল পাৰ্টীত মচগুল শতাধিক

উহান: প্ৰায় এবছৰ পূৰ্বে ন’ভেল কৰ’না ভাইৰাছৰ সংক্ৰমণ সন্তৰ্পনে আৰম্ভ হোৱা চীনৰ হুবেই প্ৰদেশৰ ৰাজধানী উহানত এতিয়া উৎসৱমুখৰ পৰিৱেশ৷ বিশ্বত বিয়পি পৰা মৰাত্মক ক’ভিড-১৯ ভাইৰাছৰ উৎপত্তিস্থলত যেন এতিয়া শেষ হৈছে মৃত্যু বিভীষিকা৷ মানুহ স্বাভাৱিক জীৱনলৈ ঘূৰি আহি মুকলিকৈ চলা-ফুৰা কৰা আৰম্ভ কৰিছে৷ চলিছে ৰাজহুৱা অনুস্থান, আবতৰীয়া উৎসৱ৷ শেহতীয়াকৈ উহানত দেখা গ’ল এক অকল্পনীয় দৃশ্য৷ সহস্ৰাধিক লোক গোট খাই উহান মায়াবীচ ৱাটাৰ পাৰ্কত পাৰ্টীত মচগুল হোৱাৰ দৃশ্য।

আৰু পঢ়িব পাৰিব: ৰাজ্যপালৰ ভ্ৰমণৰ পাছতে বন বিভাগৰ কাৰ্যালয়ত দুৰ্ষ্কৃতিকাৰীৰ আক্ৰমণ

যাক দেখি এতিয়া আচম্বিত হ’বলগীয়া হৈছে বিশ্ববাসী৷ ক’ভিড-১৯ ৰ স্থায়ী সমাধান নোলাওঁতেই শতাধিক লোকে এক আঙুল ব্যৱধান নৰখাকৈ পানীত সোমাই স্ফূৰ্তি-তামাচা কৰাৰ দৃশ্যক সহজভাৱে ল’ব পৰা নাই কোনেও৷ ভাইৰেল ফটো আৰু ভিডিঅ’বোৰত দেখা গৈছে এবুকু পানীত সোমাই ছুইম ছ্যুট, গগলছ পিন্ধি ডিজে সংগীতৰ তালে তালে নৃত্যৰত শতাধিক লোকক৷ নাই সামাজিক ব্যৱধান, নাই মুখত মাস্ক, নাই জীৱনলৈ কোনো ভীতি৷ দেখিলে বুজিব নোৱাৰি সেয়া ক’ভিড বিজয়ৰ আনন্দ নে ক’ভিড বিয়পোৱাৰ!

আৰু পঢ়িব পাৰিব: বি এছ এফৰ সঞ্চালক প্ৰধান পদত ৰাকেশ আস্থানাক নিযুক্তি

উল্লেখ্য যে, শেহতীয়া ৭৬ দিনীয়া লকডাউনৰ পাছত নীতি-নিয়মৰ মাজেৰে খোলা হৈছিল উহানৰ এই প্ৰখ্যাত ৱাটাৰ পাৰ্কখন৷ কথা আছিল সামাজিক ব্যৱধান মানি চলাৰ, কৰ’না বিয়পিব নোৱাৰাকৈ স্বাভাৱিকতালৈ ঘূৰি যোৱাৰ৷ কিন্তু সেই সকলোবোৰ ধোঁৱা চাঙত তুলি ৱাটাৰ পাৰ্কত অবাধ মিলা-মিছা আৰু আনন্দত মচগুল হ’ল উহানৰ জনতা৷ জনা মতে এই পাৰ্কত প্ৰৱেশৰ ক্ষেত্ৰত মহিলাসকলক দিয়া হৈছে ৫০ শতাংশ ৰেহাই৷ পাৰ্কখনত সাধাৰণ অৱস্থাতকৈ কেৱল অৰ্ধেক লোককহে সোমাবলৈ দিয়াৰ কথা আছিল যদিও সেয়া মানি চলা পৰিলক্ষিত হোৱা নাই৷

আৰু পঢ়িব পাৰিব: ড্রাগছৰ বেহাৰ লগত জড়িত এটা পৰিয়াল : আৰক্ষীৰ জালত ধৃত ২

উল্লেখ্য যে, এবছৰ পূৰ্বে উহানত ক’ভিড-১৯ৰ প্ৰথমটো সংক্ৰমণ ধৰা পৰিছিল৷ ইয়াৰ পাছতে সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছিল মৰাত্মক কৰ’না ভাইৰাছ আৰু পংগু কৰি পেলাইছিল বিশ্ব অৰ্থনীতিৰ ভেটি৷ আন দেশসমূহত ভাইৰাছৰ সংহাৰ অব্যাহত আছে যদিও উহানত বিগত মাৰ্চ মাহৰপৰা স্থানীয়ভাৱে কৰ’না সংক্ৰমিত হোৱা নাই৷ সেই দেখি এপ্ৰিল মাহৰপৰা প্ৰদেশখনত শিথিল কৰা হৈছিল লকডাউন৷ ইফালে ক’ভিডৰ ফলত খহি পৰা অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ লক্ষৰে উহান প্ৰশাসনে স্থানীয় প্ৰায় ৪০০ পৰ্যতন ক্ষেত্ৰত বিনামূলীয়াকৈ পৰ্যতকক প্ৰৱেশ কৰাৰ সুবিধা দিছে৷ চীনে সামগ্ৰিকভাৱে ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও এনেধৰণৰ শিথিলতা কিমানদূৰ গ্ৰহণযোগ্য আৰু সুৰক্ষিত হ’ব তাক লৈ বিশ্বৰ প্ৰতিজন ভুক্তভোগীৰ মনত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES