Google search engine
25.9 C
Guwahati
Friday, July 23, 2021
Google search engine
Homeআন্তঃৰাষ্ট্ৰীয়মহানগৰীত গৃহবন্দী ৫০ লাখ বাসিন্দা! কিহৰ বাবে এই কঠোৰতা?

মহানগৰীত গৃহবন্দী ৫০ লাখ বাসিন্দা! কিহৰ বাবে এই কঠোৰতা?

ছীডনী : অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ মহানগৰ ছীডনীত অধিক কটকটীয়া কৰি তোলা হৈছে লকডাউন। কোভিড-১৯ৰ সংক্ৰমণ অভিলেখ হাৰত বৃদ্ধি পোৱাৰ পাছত অধিক কঠোৰ ৰূপত বলৱৎ কৰা হৈছে লকডাউন। দেশখনৰ প্ৰশাসনে কোভিডৰ ডেল্টা প্ৰকাৰৰ সংক্ৰমণ নিয়ন্ত্ৰণহীন অৱস্থালৈ গতি কৰাৰ আশংকা ব্যক্ত কৰিছে।

‘অতি জৰুৰী পৰিস্থিতিৰ সৃষ্টি নোহোৱালৈকে ঘৰৰ পৰা বাহিৰ নোলাব।’ ছীডনী প্ৰশাসনৰ মুৰব্বী গ্লাডেইজ বেৰেজিকলিয়ানে ছিডনীৰ ৫০ লাখ বাসিন্দাৰ উদ্দেশ্যি এই আহ্বান জনায়। বিগত ২৪ ঘণ্টাত মহানগৰখনত ৪৪জন নতুন আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে এই তৎপৰতা প্ৰদৰ্শন কৰিছে ছীডনী প্ৰশাসনে। ছীডনীত বলৱৎ হৈ থকা লকডাউনে তৃতীয় সপ্তাহত ভৰি দিছে যদিও মহানগৰখনত কোভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাই থকা পৰিলক্ষিত হৈছে। মহামাৰী আৰম্ভ হোৱাৰ সময়ৰ ভিতৰতে ছীডনীত আটাইতকৈ জটিল পৰিস্থিতি সৃষ্টি হোৱা বুলি অভিহিত কৰি দেশখনে ঘৰতে থকাৰ নীতি কঠোৰভাৱে বলৱৎ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
scattered clouds
25.9 ° C
25.9 °
25.9 °
93 %
1.5kmh
37 %
Fri
26 °
Sat
34 °
Sun
33 °
Mon
32 °
Tue
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular