spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিক৬০ ফুট উচ্চতাৰ কি নিৰ্মাণ চলিছে টিহুত, উৎফুল্লিত গাঁওবাসী

৬০ ফুট উচ্চতাৰ কি নিৰ্মাণ চলিছে টিহুত, উৎফুল্লিত গাঁওবাসী

ডিজিটেল ডেস্ক : চাওঁতে চাওঁতে অসমীয়াৰ পদূলিমুখ পালেহি ভোগৰ উৎসৱ ভোগালী বিহু। মহামাৰী কৰ’নাই সমগ্ৰ দেশৰ লগতে অসমকো কোঙা কৰি থৈ গ’লেও অসমীয়া ৰাইজে পাহৰি যোৱা নাই বাপতি সাহোন মাঘ বিহু বা ভোগালী বিহুৰ কথা। অসমীয়াৰ জাতীয় জীৱনৰ অতি আদৰৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী থকা সময়তে সকলো অভাৱ-অনাটন একাষৰীয়া কৰি ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা মানি বিহুটিক আদৰাৰ বাবে উৎফুল্লিত হৈ পৰিছে টিহুবাসী।

উল্লেখ্য যে, ভোগালী বিহু প্ৰস্তুতি চলাইছে নাথকুছিবাসীয়েও। টিহু মহকুমাৰ প্ৰতিখন গাঁৱৰ চুবুৰীয়ে চুবুৰীয়ে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি। বিগত বছৰসমূহৰ দৰে এইবেলিও টিহুৰ নাথকুছি গাঁওবাসীয়ে ৬০ ফুট উচ্চতাৰ মেজি নিৰ্মাণ কৰি অসমীয়াৰ অতিকৈ হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ সাজু হৈছে সমগ্ৰ অসমবাসীৰ লগতে টিহুবাসীও।

আনহাতে, গাঁওখনৰ প্ৰতিটো চুবুৰিৰ যুৱকসকলে ধাননি পথাৰৰ পৰা নৰা গোটাই আনি নিজৰ নিজৰ চুবুৰিত ব্যস্ত হৈ পৰিছে মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাত। অসমীয়া কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ বাবে প্ৰতি বছৰে গাঁওখনৰ যুৱকসকলে এনেদৰে মেজি-ভেলাঘৰ নিৰ্মাণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই অহা দেখা গৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular