spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকঅখিল গগৈ একনায়কত্ববাদী! সংগ এৰিলে ৭০ দল-সংগঠনে... আনিলে কি কি অভিযোগ?

অখিল গগৈ একনায়কত্ববাদী! সংগ এৰিলে ৭০ দল-সংগঠনে… আনিলে কি কি অভিযোগ?

ডিজিটেল ডেস্ক : কংক্ৰিট কঁপাইছিল কণ্ঠই! ২০১৯ৰ ডিচেম্বৰ মাহৰ সেই দিনবোৰ… চৰকাৰবিৰোধী শ্ল’গানেৰে ‘কা’ আন্দোলন গঢ়ি তোলা ৭০টাকৈ দল-সংগঠনৰ বজ্ৰনিনাদে আলোড়িত কৰিছিল ৰাজধানী চহৰৰ লগতে সমগ্ৰ ৰাজ্য। ‘কা’বিৰোধী আন্দোলনত প্ৰাণ আহুতি দিবলগীয়া হৈছিল পাঁচজনকৈ শ্বহীদে।


ক’ভিডকালীন পৰিস্থিতিত ম্লান পৰা ‘কা’ আন্দোলনৰ পাছত পুনৰ সৰৱ হৈছে অসমৰ ৭০টা দল-সংগঠন। পিছে বিষয়বস্তু এইবাৰ বেলেগ। ‘কা’ আন্দোলনত ৭০দল-সংগঠনৰ অন্যতম গুৰিধৰোঁতা কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল সংগঠনসমূহৰ বিষয়ববীয়া। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ‘ৰাইজৰ দল’ নামেৰে অখিল গগৈৰ নেতৃত্বত গঠন হৈছিল এটা ৰাজনৈতিক দল। সকলোৱে একেমুখে সমৰ্থন জনাইছিল ‘ৰাইজৰ দল’ক। পিছে নিৰ্বাচনৰ পাছতেই যেন কেনা লাগিল ‘ৰাইজৰ দল’ৰ। সোমবাৰে ‘গুৱাহাটী প্ৰেছ ক্লাব’ত ৭০টা দল-সংগঠনৰ বিষয়ববীয়াসকলে এক সংবাদমেল সম্বোধন কৰে। ‘ৰাইজৰ দল’ৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰি সমালোচনাৰে সৰৱ হৈ পৰে বিষয়ববীয়াসকল।

‘ৰাইজৰ দল’ ব্যক্তিকেন্দ্ৰিক দল হৈ পৰা বুলি অভিযোগ উত্থাপন কৰে। ৭০সংগঠনৰ ঐক্যমঞ্চ ভংগ কৰা বুলি সংবাদমেলত ঘোষণা কৰে বিষয়ববীয়াসকলে। অখিল গগৈয়ে সংবিধান অৱমাননা কৰাৰো অভিযোগ উত্থাপিত হয় সংবাদমেলত। ‘ৰাইজৰ দল’ত চৰম একনায়কত্ববাদ চলা বুলিও আক্ষেপ প্ৰকাশ কৰে ৭০ সংগঠনৰ বিষয়ববীয়াই। পৰৱৰ্তী সময়ত অখিল গগৈৰ স্থিতি কি হ’ব সেয়াহে হ’ব লক্ষণীয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular