spot_img
18 C
Guwahati
18 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকমৰিগাঁৱৰ বৈদ্যবড়ীত বাতিল ৭০ বছৰীয়া পৰম্পৰাৰ ম’হযুঁজ

মৰিগাঁৱৰ বৈদ্যবড়ীত বাতিল ৭০ বছৰীয়া পৰম্পৰাৰ ম’হযুঁজ

ডিজিটেল ডেস্ক : মৰিগাঁৱৰ বৈদ্যবড়ীত বাতিল ৭০ বছৰীয়া পৰম্পৰাৰ ম’হযুঁজ। প্ৰশাসনে ম’হযুঁজ বন্ধ কৰাক কেন্দ্ৰ কৰি গোৱালৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কাৰণ এবছৰ ধৰি পোহপাল দি ৰখা গোনাম’হ ওভতাই নিলে গোৱালে।

অসমৰ বিভিন্ন ঠাইত বিশেষকৈ মধ্য আৰু উজনি অসমত প্ৰচলিত হৈ আহিছে এই ম’হযুঁজ। ন্যায়ালয়ে ম’হযুঁজ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি আহিছিল যদিও গোৱালসকলে অনুষ্ঠিত কৰি আহিছে ম’হযুঁজ। গোৱালসকলৰ মতে মাঘত ম’হ নুযুঁজালে বিপদ হ’ব পাৰে গুৱালৰ। কিয়নো মাঘ মাহত ম’হৰ গৰল বান্ধে আৰু ম’হৰ শিঙত পোক হয়। যদি এইদৰে যুঁজ লগাই কিছু ৰক্তক্ষৰণ কৰা নহয়, তেন্তে সেই ম’হ শান্ত নহয়। তদুপৰি এনে ম’হে গোৱালৰো বিপদ ঘটাব পাৰে বুলিও গোৱালসকলে মন্তব্য কৰে।

ইফালে, ম’হক যুঁজাব নোৱাৰি মৰিগাঁৱৰ বৈদ্যবড়ীত গোৱালৰ মাজত তীব্ৰ ক্ষোভ। ‘যদি আজি ইলেকচন হ’লে লাখ লাখ মানুহ গোট খালেও নাহে ক’ভিড।’ দুজন গোৱালে দূৰে দূৰে থাকি ম’হ যুঁজাব। মানুহ পথাৰত সিঁচৰিত হৈ থাকিব, তাতহে ক’ভিডটো আহে। এইখন চৰকাৰ আমাক নালাগে। এইখন চৰকাৰ থাকিলে আমি সকলো পৰম্পৰা হেৰুৱাব লাগিব।’ বৈদ্যবড়ীত ম’হ যুঁজাব নোৱাৰি এনেদৰে ক্ষোভ উজাৰিলে গোৱালে। ৰে’ললাইনত ম’হ বান্ধি প্ৰতিবাদৰ হুংকাৰ ৭০ ঊৰ্ধ্বৰ ম’হ গোৱালৰ। মৰিগাঁৱত ম’হযুঁজৰ বাবে বহুদিনৰ পৰা প্ৰস্তুতি চলাইছিল গোৱালে। ঘৰতে ম’হ গোৱালে প্ৰশিক্ষণ দি গোনাম’হক যুঁজাবৰ বাবে সম্পূৰ্ণ সাজু কৰি তুলিছিল।

পিছে ক’ভিড বিধিয়ে আশাত চেঁচাপানী ঢালিলে ম’হ গোৱালৰ। পহিলা মাঘৰ পূৰ্বে ঢোল-বেনৰ তালে তালে গোনাম’হৰ শিঙৰ ঝনঝননিত ধূলি উৰা বৈদ্যবড়ী পথাৰত আৰক্ষীয়েহে ধূলি উৰালে এইবেলি। বিমুখ হৈ উভতিল দৰ্শক-ব্যৱসায়ী। একাংশই কৰিছে অসমৰ ঐতিহ্য পৰম্পৰাক লৈ তীব্ৰ প্ৰশ্ন। তিৱা পাহোৱাল ডেকাই ক’লে-‘ম’হ যুঁজ অসমীয়াৰ ঐতিহ্য ৰক্ষাৰ যুঁজ। তাৰ বিপৰীতে একাংশ গোৱালে জিঘাংসু গোনাম’হক নিয়ন্ত্ৰণ কৰাক লৈ প্ৰশ্ন কৰিছে। প্ৰশ্ন কৰিছে স্হানীয় ব্যৱসায়ীসকলেও।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular