spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকৰাজ্যত ৯৮হাজাৰ কোটিৰ ঋণৰ বোজা; মহিলাৰ ধাৰ মাৰিবলৈও লৈছে ঋণ ! কিদৰে...

ৰাজ্যত ৯৮হাজাৰ কোটিৰ ঋণৰ বোজা; মহিলাৰ ধাৰ মাৰিবলৈও লৈছে ঋণ ! কিদৰে চলিছে চৰকাৰ?

ডিজিটেল ডেস্ক : ‘ঋণ লৈ ঘিউ খোৱা’ৰ নীতিক যেন পৰম পাথেয় কৰি লৈছে ৰাজ্য চৰকাৰে। নিৰ্বাচনী চমক দিবলৈ কৰা বিভিন্ন ঘোষণা পূৰণ কৰাৰ বাবে চৰকাৰে শেহতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে যদিও যি পন্থাৰে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ লোৱা হৈছে সি ৰাজ্যখনৰ ভৱিষ্যতত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা গাঢ় কৰি তুলিছে। বিজেপিয়ে বিধানসভা নিৰ্বাচনৰ পূ্ৰ্বে মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ ঘোষণা কৰিছিল। এই চমক সৃষ্টিকাৰী ঘোষণা ৰূপায়নৰ বাবে এতিয়া চৰকাৰে আৰম্ভ কৰিছে কুচকাৱাজ। ২৮ নৱেম্বৰৰ পৰা ঋণ ৰেহাই প্ৰক্ৰিয়া আৰম্ভ কৰিব চৰকাৰে। কিন্তু কথা হ’ল বিত্তীয় সংকটত জুৰুলা চৰকাৰখনে কিদৰে ইয়াৰ বাবে প্ৰয়োজন হোৱা ধনৰ জোৰা মাৰিব? তাৰ সহজ পন্থা যেন এতিয়া বিচাৰি লৈছে চৰকাৰখনে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাৰ্যকালৰ মাত্ৰ ছমাহতে পাঁচ হাজাৰ কোটি টকাৰঋণ লোৱাৰ পাছত এতিয়া আকৌ ৬০০কোটি টকাৰ ঋণ লৈছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য মতে ৰাজ্য চৰকাৰে ইন্ধনৰ দাম ৭টকা হ্ৰাস কৰাৰ সময়ত ১০০০কোটিকঋণ ল’বলগীয়া হৈছিল। এতিয়া ২৮ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত ৰাজ্যৰ দহখন জিলাৰ ৫৯হাজাৰ মহিলাসকলক মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰথম পদক্ষেপ হিচাপে ২৫হাজাৰ টকাকৈ দিয়াৰ আঁচনি ৰূপায়নৰ প্ৰাকমুহূৰ্তত ৬০০ কোটিৰ ঋণগ্ৰহণ কৰিছে। এয়া এক তাৎপৰ্যপূৰ্ণ কথা বিবেচিত হৈছে। ৰাজ্যৰ ২৬লাখৰো অধিক মহিলাই এনে ক্ষুদ্ৰ ঋণ গ্ৰহণ কৰিছিল আৰু তাৰ মাত্ৰ ৫৯হাজাৰকে এতিয়া আৰ্থিক সকাহ দিয়াৰ বাবে বাছনি কৰা হৈছে। তাৰ বাবেই ৰিজাৰ্ভ বেংকৰ পৰা ৬০০ কোটিৰ মুকলি বজাৰ ঋণগ্ৰহণ কৰিছে চৰকাৰে। সকলো মহিলাকে ঋণ ৰেহাই দিবলৈ হ’লে চৰকাৰক ৭,৫০০কোটি টকাৰ প্ৰয়োজন হ’ব। সেয়াও যদি ঋণৰ পৰা আহৰণ কৰিবলৈ চেষ্টা কৰা হয় তেন্তে ৰাজ্যৰ জনগণৰ ওপৰত আন এক বৃহৎ বোজা আহি পৰিব। সকলো আঁচনি তথা ঘোষণা ৰূপায়নৰ বাবে এনেদৰে ঋণ ল’বলগীয়া হোৱাটো নিসন্দেহ চৰকাৰৰ বিফলতাৰ নিদৰ্শন বিবেচিত হৈছে।


মন কৰিবলগীয়া যে, ৰাজ্য চৰকাৰে এতিয়া লোৱা ঋণৰ মুঠ পৰিমাণ হৈছে ৯৮হাজাৰ কোটি টকা। অৰ্থাৎ একপ্ৰকাৰ ঋণৰ বোজাত কোঙা হৈ পৰিছে ৰাজ্যৰ ৰাজকোষ। ৰাজকোষ ঋণগ্ৰস্ত হৈ পৰা মানে ৰাজ্যৰ জনগণৰ মূৰৰ ওপৰতে সেই বোজা পৰা। এনে পৰিস্থিতি অব্যাহত থাকিলে ৰাজ্যৰ অৰ্থব্যৱস্থা ভাঙি পৰিবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহ’ব বুলি অৰ্থনীতিবিদসকলে আশংকা ব্যক্ত কৰিছে। কিয়নো ব্যয় অনুপাতে আয়ৰ উৎস ৰাজ্যৰ হাতত নোহোৱাটো এতিয়া স্পষ্ট হৈ পৰিছে। মন কৰিবলগীয়া কথাটো হৈছে যে, এনে বৃহৎ ঋণৰ বোজা লৈ থকাৰ পাছতো চৰকাৰ কেবিনেট বৈঠককে ধৰি সকলো বিলাস বহুত কাৰ্যসূচীয়ে যেন চৰকাৰখনৰ বাস্তৱবিমুখ ৰূপটোৱে প্ৰতিফলিত কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular