spot_img
13.7 C
Guwahati
13.7 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআন্তঃৰাষ্ট্ৰীয়যেন হৃদয় গলিল তালিবানৰ! আফগানিস্তানৰ মহিলাৰ সপক্ষে কেইবাটাও সিদ্ধান্ত

যেন হৃদয় গলিল তালিবানৰ! আফগানিস্তানৰ মহিলাৰ সপক্ষে কেইবাটাও সিদ্ধান্ত

ডিজিটেল ডেস্কঃ তালিবান৷ সকলোৰে বাবে যেন এতিয়া এক আতংকৰ নাম তালিবান৷ তালিবানৰ আগ্ৰসানৰ পৰা কোনো এখন ইছলামিক ৰাষ্ট্ৰই ৰক্ষা পোৱা নাই৷ তালিবানে এখন দেশ অধিগ্ৰহণ কৰা মানে, সেই দেশখনৰ সকলো দিশত নিজৰ কঠোৰ আধিপত্য বিৰাজ কৰা৷ বহু সময়ত তালিবানে তেওঁলোকে অধিগ্ৰহণ কৰা দেশসমূহৰ নাগৰিকৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰা ঘটনাও পোহৰলৈ আহে৷ বিশেষকৈ তালিবানে অধিগ্ৰহণ কৰা দেশসমূহৰ নাৰীসকলৰ ওপৰত আৰোপ কৰে ইটোৰ-পাছত সিটো নিষেধাজ্ঞ৷ কেতিয়াবা যদি নাৰীসকলক স্কুললৈ যোৱাত বাধা দিয়ে, কেতিয়াবা আকৌ বোৰ্খা লৈয়ো বিতৰ্ক৷


কিন্তু ইয়াৰ বিপৰীতে এইবাৰ তালিবান কিছু উদাৰ হোৱা পৰিলক্ষিত হৈছে৷ এইবাৰ তালিবানে মহিলাৰ সপক্ষে এক ডাঙৰ সিদ্ধান্ত গ্ৰঙণ কৰিছে৷ তালিবানে এক প্ৰতিবেদন জাৰি কৰি কৈছে যে, আফগানিস্তানত এতিয়াৰ পৰা মহিলাৰ বলপূৰ্বক বিবাহ একেবাৰে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ এই নিয়ম যদি কোনোৱে উলংঘন কৰে জে’ল পৰ্যন্ত হ’ব পাৰে বুলি তালিবান চৰকাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে৷ অৱশ্যে, তালিবানৰ সিদ্ধান্তক উন্নত দেশসমূহৰ পৰা স্বীকৃতি প্ৰাপ্ত কৰাৰ এক কৌশল হিচাপেও দেখা যায়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular