spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিককৃষিবিপ্লৱেৰে স্বাৱলম্বী হোৱাৰ সপোন এদল প্ৰাক্তন এনডিএফবি কেডাৰৰ

কৃষিবিপ্লৱেৰে স্বাৱলম্বী হোৱাৰ সপোন এদল প্ৰাক্তন এনডিএফবি কেডাৰৰ

ডিজিটেল ডেস্ক: কৃষিবিপ্লৱেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে এদল প্ৰাক্তন এনডিএফবি কেডাৰে। ‘বন্দুকতকৈ কৃষিকৰ্মই শ্ৰেষ্ঠ’-বুলি মন্তব্য কৰে এনডিএফবিৰ প্ৰাক্তন কেডাৰসকলে। ‘কোনো যুৱকে হাতত বন্দুক তুলি লৈ ভুল পথেৰে পৰিচালিত হ’ব নালাগে’-বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰাক্তন কেডাৰসকলে। এসময়ত হাতত অস্ত্ৰ তুলি লৈ সন্ত্ৰাস সৃষ্টি কৰা প্ৰাক্তন এনডিএফবি কেডাৰৰ একাংশই কৃষিবিপ্লৱেৰে আৰম্ভ কৰিবলৈ লৈছে নতুন জীৱন।

বাকসা জিলাৰ মুছলপুৰ মহকুমাৰ নতুন শ্ৰীপুৰত প্ৰায় ৫০ বিঘা কৃষিভূমি লীজত লৈ ‘উদাং আৰনাই ছ’চাইটী’ নামেৰে ২১জনীয়া প্ৰাক্তন এনডিএফবিৰ কেডাৰসকলে সূচনা কৰিছে কৃষিবিপ্লৱৰ। গৰুখুঁটিৰ কৃষিফাৰ্মৰ আৰ্হিত এখন কৃষিফাৰ্ম কৰাৰ পৰিকল্পনাও আছে এইসকল প্ৰাক্তন সশস্ত্ৰ বিপ্লৱী সংগঠনৰ কেডাৰৰ।

১৯৮৬ চনত সেই সময়ৰ এনডিএফবিৰ সভাপতি ৰঞ্জন দৈমাৰীৰ নেতৃত্বাধীন গোটত যোগদান কৰি ভূটানত প্ৰশিক্ষণ লোৱা এইসকল কেডাৰে পৰৱৰ্তী সময়ত এনডিএফবিৰ (সং) গোটত সোমাই বিদ্ৰোহীৰ কাম কৰিছিল। শেহতীয়াভাৱে ২০০০ চনৰ ২৭ জানুৱাৰীত চৰকাৰৰ সৈতে শান্তিচুক্তি স্বাক্ষৰ হোৱাৰ পাছত মূল সুঁতিলৈ ঘূৰি আহে এইসকল কেডাৰ। আনকি চৰকাৰ আৰু বড়ো বিদ্ৰোহী সংগঠনৰ মাজত এখন ভাল চুক্তি হোৱা বুলিও মন্তব্য কৰে এইসকল প্ৰাক্তন এনডিএফবি কেডাৰে।

চুক্তি অনুসৰি চৰকাৰৰ পৰা আৰ্থিক অনুদান লাভ কৰাৰ পাছত এইসকল কেডাৰে সশস্ত্ৰ বিপ্লৱৰ সলনি আৰম্ভ কৰিলে কৃষিবিপ্লৱৰ। প্ৰায় ৫০ বিঘা কৃষিভূমিত ৰোপন কৰা সৰিয়হ, আলু আৰু মটৰ মাহ এতিয়া লহপহকৈ বাঢ়িব লৈছে৷ পথাৰতে দা-কোৰ লৈ কৃষিকৰ্মত ব্যস্ত এইসকল প্ৰাক্তন সশস্ত্ৰ বিদ্ৰোহী কেডাৰ বাকসা জিলা কৃষি বিভাগৰ পৰা বিনামূলীয়াকৈ আলু-সৰিয়হৰ বীজ লাভ কৰি যথেষ্ট উপকৃত হোৱাৰ কথা সদৰী কৰে এইসকল প্ৰাক্তন বিদ্ৰোহী কেডাৰে।

আনহাতে, বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসেও তেওঁলোকক যথেষ্ট পৰামৰ্শ আৰু অনুপ্ৰেৰণা জগোৱাৰ কথা সদৰী কৰে। সময়ৰ আৱেগত বিদ্ৰোহী সংগঠনত যোগ দিয়া বুলি মন্তব্য কৰা এইসকল বিদ্ৰোহী কেডাৰৰ মতে বন্দুকতকৈ কৃষিকৰ্মই শ্ৰেষ্ঠ৷ কৃষিকৰ্মৰে নিজকে স্বাৱলম্বী হোৱাৰ কথা প্ৰকাশ কৰি নৱপ্ৰজন্মই আৰু কোনো বিদ্ৰোহী সংগঠনলৈ মন নেমেলি কৃষিকৰ্মত মনোনিৱেশ কৰিলে যথেষ্টখিনি উপকৃত হ’ব বুলি মন্তব্য কৰে প্ৰাক্তন বড়ো বিদ্ৰোহী সংগঠন এনডিএফবি সংবিজিত গোটৰ কেডাৰসকলে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular