আমিয়েই ঘূৰাই দিম ৰাজকন্যাই কাঢ়ি নিয়া যোছেফৰ দুভৰি, গ্ৰহণ কৰোঁ আহক এই পদক্ষেপ…

0
32874
যোছেফ
আমিয়েই ঘূৰাই দিম ৰাজকন্যাই কাঢ়ি নিয়া যোছেফৰ দুভৰি, গ্ৰহণ কৰোঁ আহক এই পদক্ষেপ...

ডিজিটেল ডেস্ক : আমিয়েই ঘূৰাই দিব লাগিব যোছেফ মাৰাকৰ কটা যোৱা ভৰি দুখন। আমিয়েই দুষ্কাৰ্য আৰু দায়িত্বহীনতাৰ প্ৰত্যুত্তৰ দায়বদ্ধতা আৰু শুভবোধৰ মাজেৰে দিব লাগিব। আমিয়েই অনিশ্চয়তাৰ গৰাহৰ পৰা এটা জীৱনক তুলি আনিব লাগিব নিশ্চয়তাৰ মাজলৈ। যোছেফ মাৰাকে আকৌ খোজকাঢ়িব লাগিব। তেওঁৰ শ্ৰমনিৰ্ভৰ জীৱনটোৰ বাবে, তেওঁৰ পৰিয়ালটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে পুনৰ চলিব লাগিব তেওঁৰ দুভৰি। যোছেফৰ পৰিয়ালত কৰ্মক্ষম বুলি কেৱল তেৱেঁই আছে। তেওঁৰ ডাঙৰ পুত্ৰ পঢ়ে দশম শ্ৰেণীত। আন এটা ল’ৰা আৰু এজনী ছোৱালীৰে যোছেফ মাৰাকৰ সংসাৰ।

মহানগৰীত শ্ৰমিক হিচাপে কাম কৰি তেওঁ পোহপাল দিছিল পৰিয়ালটোক। দক্ষিণ গাৰো হিলছৰ ভাৰত-বাংলাদেশ সীমান্তৰ সমীপত বাসবাস কৰা যোছেফ মাৰকৰ পৰিয়ালত এতিয়া অন্তহীন অনিশ্চয়তা। দূৰৈৰ পৰা ফোনেৰে তেওঁ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে যদিও পৰিয়ালৰ কাকোৱেই হাস্পতাললৈ আহিবলৈ দিয়া নাই যোছেফ মাৰাকে। কিয়নো হাস্পতাললৈ আহি এই আচহুৱা পৰিৱেশত পৰিয়ালৰ সদস্যসকলৰ আলাই আথানি হোৱাটো নিবিচাৰে যোছেফ মাৰাকে। পৰিয়ালৰ আপোনজনৰ প্ৰতি কি দায়বদ্ধতা যোছেফ মাৰাক নামৰ এই দুৰ্ভগীয়া লোকজনৰ। হাস্পতালৰ বিছনাত কেঁকাই-গেথাই কোনো চাওঁতা নোহোৱাকৈ পৰি থকা যোছেফৰ কাষত ঠিয় দিয়া মানুহৰ পিছে অভাৱ হোৱা নাই। তেজৰ পৰিচয় নোহোৱা, কোনো চাক্ষুস চিনাকি নথকা কিছুসংখ্যক মানৱ দৰদী লোক এতিয়া ঠিয় হৈছে যোছেফ মাৰাকৰ কাষত । এই ভয়াৱহ দুৰ্যোগৰ মাজতো তেওঁক সামান্য সকাহ দিয়াৰ বাবে যোছেফ মাৰাকৰ কাষত ঠিয় হৈছে ‘ৰেইনড্ৰপছ’ৰ দৰে স্বেচ্ছাসেৱী সংগঠন।

ইতিমধ্যে তেওঁক প্ৰয়োজনীয় দুই-এপদ সা-সামগ্ৰী যোগান ধৰিছে সংস্থাটোৱে। তেওঁলোকৰ প্ৰতিনিধিয়ে প্ৰায় নিয়মীয়াকৈ যোছেফ মাৰাকৰ খবৰ লৈছে। তেওঁক মানসিক সকাহ দিবৰ বাবে মাত এষাৰ লগাইছে। কুছিয়া মাছৰ জোল অকনকে ৰক্তাল্পতাত ভোগা যোছেফৰ মুখত বাকি দিছে এগৰাকী সহৃদয় লোকে। ‘ৰেইনড্ৰপছ’ৰ মূল চালিকা শক্তি আবিদ আজাদেই এই সকলো কামৰ নেতৃত্ব দিছে। তেওঁৰ শাৰীৰিক যন্ত্ৰণা আৰু তেওঁৰ কাষত কোনো নথকাৰ কথা উল্লেখ কৰি যোছেফক আইচিইউলৈ স্থানন্তৰ কৰাৰো আহ্বান জনাইছে। উল্লেখ্য যে, যোছেফ মাৰাকৰ খা-খবৰ লৈ থকাই নহয়, তেওঁক এখন হুইলচেয়াৰ যোগান ধৰাৰ বাবেও প্ৰচেষ্টা আৰম্ভ কৰা হৈছে। ইতিমধ্যে তাৰ বাবে বিভিন্নজন সহানুভূতিশীল লোকে আৰ্থিক বৰঙণি আগবঢ়াইছে ‘ৰেইনড্ৰপছ’লৈ।

কেৱল এয়াই নহয়, যোছেফ মাৰাকে যাতে আকৌ খোজ কাঢ়িব পাৰে, তথা তেওঁ পৰিয়ালটোৰ কাষত ঠিয় দিবলৈ কিবা এটা কামত নিয়োজিত হ’ব পাৰে তাৰ বাবে তেওঁক দুখন কৃত্ৰিম ভৰিৰ যোগান ধৰিবলৈ সংকল্প গ্ৰহণ কৰিছে সংস্থাটোৱে। এই বিষয়ে প্ৰকাশ কৰি আবিদ আজাদে কয়, ‘তেওঁৰ মনোবল আৰু দৃঢ়তা অতুলনীয়। এই মনোবল আৰৰু দৃঢ়তা যাতে অটুত থাকে তথা তেওঁ যাতে পাছত কৰ্ম কৰি খাবপৰা হয়, তাৰ বাবে তেওঁক দুখন কৃত্ৰিম ভৰি যোগান ধৰিবই লাগিব। ইয়াৰ বাবে নিশ্চয় আমাক সকলোৰে আৰ্থিক সাহায্যৰ প্ৰয়োজন হ’ব। কিন্তু এই সাহায্য এনেই আমাক দিয়াৰ প্ৰয়োজন নাই। আমি এটা দৌৰৰ আয়োজন কৰিছোঁ। ১৪ নৱেম্বৰত এই দৌৰ অনুষ্ঠিত কৰা হ’ব। ৫ কিলোমিটাৰ আৰু ১০ কিলোমিটাৰৰ এই দৌৰত ভাগ লৈ আপুনিও সামান্য বৰঙণি আগবঢ়াব পাৰিব যোছেফ মাৰাকলৈ।’

আশাপ্ৰদ কথা যে, ইতিমধ্যেই কম বেছি পৰিমাণে ৰেইনড্ৰপছৰ জৰিয়তে যোছেফ মাৰাকলৈ আৰ্থিক সাহায্য দিবলৈ আৰম্ভ কৰিছে বিভিন্নজন লোকে। এই প্ৰচেষ্টা সফল হ’লে আৰু ‘ৰেইনড্ৰপছ’-এ আয়োজন কৰা দৌৰৰ পৰিকল্পনা সফল হৈ উঠিলে যোছেফ মাৰাকে নতুন জীৱন পোৱাটো সহজসাধ্য হৈ উঠিব। কেৱল এয়াই নহয়, এয়া এক বাৰ্তা হ’ব ৰঙীন জীৱনৰ নিচাই হিতাহিত জ্ঞান কাঢ়ি নিয়া ৰাজকন্যাৰ দৰে দায়িত্বহীন লোকসকলৰ বাবেও।

তেওঁলোকে দায়িত্বহীনতা আৰু আত্মকেন্দ্ৰিকতাৰ মাজেৰে যিমানেই দুষ্কাৰ্য সংঘটিত নকৰক কিয় তাৰ প্ৰত্যুত্তৰ দায়বদ্ধতা আৰু শুভবোধৰ মাজেৰে দিবলৈ একগোট হোৱা লোকৰ সংখ্যা নাইকিয়া হৈ যোৱা নাই সমাজৰ পৰা। যোছেফ মাৰাক দৰে দুৰ্গতজনৰ কাষত ঠিয় দিবলৈ আপুনিও ওলাই আহিবনে? ১৪ নৱেম্বৰৰ দিনটোত মাত্ৰ পাঁচ কিলোমিটাৰ দৌৰাৰ জৰিয়তেই আপুনিও যোছেফ মাৰাকক উপহাৰ দিব পাৰে এটা নতুন জীৱন। দুৰ্যোগৰ অটল গহ্বৰত প্ৰায় অথৰ্ব হৈ পৰি ৰোৱা যোছেফে কৃত্ৰিম ভৰি দুখনেৰে হ’লেও যদি হাঁহি মাৰি ঠিয় দিয়ে, দুখোজ আগবঢ়াব পাৰে আপোনাৰো মনটো তেতিয়া উজলি নুঠিবনে?