spot_img
21 C
Guwahati
21 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকস্বাস্থ্য বিভাগৰ স্বৰূপ উদঙালে চাবুৱাৰ এখন চিকিৎসালয়ে

স্বাস্থ্য বিভাগৰ স্বৰূপ উদঙালে চাবুৱাৰ এখন চিকিৎসালয়ে

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যিমানেই স্বাস্থ্যখণ্ডৰ উন্নয়ন হৈছে বুলি নকওক কিয় প্ৰকৃততে যে এই সকলোবোৰ এক ফুটুকাৰফেন তাক পুনৰবাৰ প্ৰমাণ কৰিলে চাবুৱাত সংঘটিত হোৱা এক ঘটনাই। সাধাৰণতে চিকিৎসালয় এখনত বিভিন্ন বিভাগত নিয়োজিত হৈ থাকে বিভিন্নজন ব্যক্তি যেনে- চিকিৎসক, নাৰ্ছ, কম্পাউণ্ডাৰ, চাফাইকৰ্মী আদি। চাবুৱাৰ খাজিখোৱাস্থিত পানীতোলা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত নিশা হ’লেই নাৰ্ছেই হৈ পৰে চিকিৎসক,চকীদাৰ, সকলো। এই কথা অসহায়ভাৱে স্বীকাৰ কৰিলে নিশাৰ ভাগত কৰ্তব্যৰত এগৰাকী নাৰ্ছে।

জানিব পৰামতে শুকুৰবাৰে নিশা দহমান বজাত এগৰাকী ৰোগী চিকিৎসাৰ বাবে আহিছিল খাজিখোৱাস্থিত পানীতোলা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত। কিন্তু চিকিৎসালয়খনত সেই সময়ত পোৱা নগ’ল কোনো চিকিৎসক । নিশা চিকিৎসালয়খনত কোনো চিকিৎসক-কৰ্মী নথকাৰ অভিযোগ উত্থাপন কৰে ৰোগীৰ অভিভাৱকে। আনহাতে ক্ষুদ্ধ অভিভাৱকে চিকিৎসকৰ বিষয়ে সোধাত নিশা কৰ্তব্যৰত নাৰ্ছৰ অসহায় স্বীকাৰোক্তি ‘আমিয়ে নাৰ্ছ,চকীদাৰ,চিকিৎসক সকলো’। উল্লেখ্য যে চাবুৱা অঞ্চলটোত চৰকাৰী চিকিৎসালয় মাত্র দুখনেই। এখন হৈছে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় যিখনত প্ৰায় সময়তে চিকিৎসক আৰু নাৰ্ছৰ অভাৱৰ অজুহাতত সন্ধিয়া হ’লেই বন্ধসদৃশ হৈ পৰে। আনখন হৈছে পানীতোলা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰ। য’ত নিশাৰ ভাগত প্ৰায়সমূহ কোঠাতে ওলমি থাকে মাত্ৰ তলা আৰু উপস্থিত থাকে দুগৰাকী নাৰ্ছ। এই অভিযোগ স্থানীয় ৰাইজৰ।

এতিয়া প্ৰশ্ন হয় যি সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিখন সভাতে জিলাই জিলাই মেডিকেল স্থাপনৰ কথা কয়, স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা কথা কয় প্ৰকৃততে কিন্তু এয়াহে হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ একাংশ চৰকাৰী হাস্পতালৰ দুখলগা ছবি। এক কথাত স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ উদঙালে চাবুৱাৰ এইদুখন চৰকাৰী চিকিৎসালয়ে। চাবুৱাবাসীয়ে চিকিৎসালয় দুখনৰ বিষয়ে দীর্ঘদিনৰে পৰা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা সত্ত্বেও কোনো ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular