Google search engine
30 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকবৰপেটাত একেদিনাই বৃহৎ সংখ্যক পক্ষীৰ মৃত্যু ; প্ৰকৃতিপ্ৰেমীৰ প্ৰতিক্ৰিয়া

বৰপেটাত একেদিনাই বৃহৎ সংখ্যক পক্ষীৰ মৃত্যু ; প্ৰকৃতিপ্ৰেমীৰ প্ৰতিক্ৰিয়া

বৰপেটা : বৰপেটাৰ শিলাগাঁৱত ভয়ংকৰ ঘটনা৷ একেদিনাই মৃত্যু বৃহৎ সংখ্যক পক্ষীৰ৷ আকস্মিক মৃত্যুমুখত পৰে ৩ শতাধিক পক্ষী৷ কৃষিপথাৰত মৃত পক্ষীৰ দ’ম দেখি হতবাক গঞা৷ দুষ্ট চক্ৰই বিহ দি পক্ষী নিধন কৰাৰ সন্দেহ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, শিলা গাঁৱৰ খেতিপথাৰত দুদিন পূৰ্বে শালি ধানৰ কঠীয়া সিঁচিছিল দুই কৃষকে৷

ধানবোৰ চৰায়ে খাই অনিষ্ট কৰিব নোৱাৰাকৈ খেতিয়কে কঠীয়াতলীত বিষাক্ত দ্ৰব্য মিহলোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ৷ বিষাক্ত দ্ৰব্য খোৱাৰ পৰিণতিতেই ঘৰচিৰিকা,কপৌ, শালিকা,পোহনীয়া হাঁহ,পাৰ চৰাইকে ধৰি বিভিন্ন প্ৰজাতিৰ তিনি শতাধিক পক্ষী মৃত্যু মুখত পৰাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকসকলে৷ শ শ পক্ষীৰ মৃত্যুত প্ৰকৃতিপ্ৰেমীৰ প্ৰতিক্ৰিয়া৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
40 %
Mon
30 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular