spot_img
27 C
Guwahati
27 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিককিদৰে হত্যাৰ বলি হৈছিল অংকুমণি? ১৩ দিনৰ পাছত আৰক্ষীয়ে খান্দি উলিয়ালে মৃতদেহ

কিদৰে হত্যাৰ বলি হৈছিল অংকুমণি? ১৩ দিনৰ পাছত আৰক্ষীয়ে খান্দি উলিয়ালে মৃতদেহ

ডিজিটেল ডেস্ক : এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে নলবাৰীক। এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰি পুতি থোৱাৰ ১৩ দিনৰ পাছত আৰক্ষীয়ে খান্দি উলিয়ালে মৃতদেহ। অংকুমণি কলিতা নামৰ মহিলাগৰাকীক ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবৰীৰ জগদীশ দাস, কহাৰতোলাৰ চন্দন দাস আৰু কেহেৰুৱাৰ চনজিত কলিতা নামৰ লোককেইজনে পৰিকল্পিতভাৱে হত্যা কৰি পুতি থৈছিল পাগলাদিয়াৰ পাৰত। ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়া থানাৰ অন্তৰ্গত উদীয়ানাৰ বাদ্যশিল্পী কৈলাশ কলিতাৰ পত্নী অংকুমণি কলিতাই বাইহাটা চাৰিয়ালিৰ বিহদিয়াৰ মাকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত যোৱা ২৯ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।

সেই সন্দৰ্ভত পৰিয়ালৰ লোকে বাইহাটা চাৰিয়ালি আৰক্ষী থানা ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ৰঙিয়া আৰক্ষীয়ে PS_caseNo_1098/21U/S498(A) /342/370 আই পি চি আৰু বাইহাটা আৰক্ষীয়ে PS caseNo 509/21U/S 366 আই পি চি ৰ অধীনত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছিল যদিও মহিলাগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল। কিন্তু এক গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ তৎপৰতাত দেওবাৰে নিশা মূল অভিযুক্ত ঘগ্ৰাপাৰৰ জগদীশ দাস তেওঁৰ বন্ধু চন্দন দাস আৰু চন্দন দাসৰ খুলশালী চনজিত কলিতাক আটক কৰিবলৈ সক্ষম হয়।

তেওঁলোকে স্বীকাৰোক্তিৰ ভিত্তিয়ে আৰক্ষীয়ে ঘটনাৰ ১৩ দিনৰ পাছত ভুক্তভোগী মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযুক্তকেইজনে স্বীকাৰ কৰা মতে, ২৯ ছেপ্টেম্বৰত দীৰ্ঘদিনীয়া চিনাকি অংকুমণিক ৰঙিয়াৰ পৰা মাতি আনি পূব নলবাৰী কলেজত হত্যা কৰি মৃতদেহতো কেহেৰুৱাৰ পাগলাদিয়া নদীৰ দাতিত পুতি থৈছিল দুৰ্বৃত্তকেইজনে। বৰ্তমান তিনিওজন হত্যাকাৰীক নলবাৰী থানাত ৰখা হৈছে। ঘগ্ৰাপাৰ আৰক্ষীয়ে নলবাৰী আৰক্ষীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, হত্যাকাণ্ডত অভিযুক্ত দুজন লোকে আৰক্ষীৰ জেৰাত মহিলাগৰাকীক হত্যা কৰি পুথি থোৱা ঠাই দেখুৱাই দিয়ে। ইয়াকে লৈ কেহেৰুৱা অঞ্চলৰ লগতে সমগ্ৰ নলবাৰীতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, স্বাস্থ্যবিভাগৰ কৰ্মচাৰী অংকুমণিৰ এগৰাকী কন্যা সন্তান আছিল। মহিলাগৰাকী ধৰ্ষণৰ বলি হৈছিল নেকি সেই লৈও প্ৰশ্নবোধৰ সৃষ্টি হৈছে।আৰক্ষীৰ অধিক অনুসন্ধানত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ পাছতহে এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ আৰু অন্যান্য সকলো তথ্য পোহৰলৈ আহিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular