spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকসহপাঠীক যৌননিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, পাছত?

সহপাঠীক যৌননিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, পাছত?

ডিজিটেল ডেস্কঃ অপৰাধৰ ৰম্যভূমিলৈ পৰ্যৱসিত হৈছে ৰাজ্যৰ ভিন্নস্থান! এইবাৰ পোহৰলৈ আহিছে অন্য এক অমানৱীয় কাণ্ড। ঘটনাটো সংঘটিত হৈছে ‘তেজপুৰ বিশ্ববিদ্যালয়’ত। আমালৈ অহা খবৰ অনুসৰি, বিশ্ববিদ্যালয়খনৰ গৱেষণা বিভাগৰ এগৰাকী ছাত্ৰীক যৌননিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এজন গৱেষক ছাত্ৰৰ বিৰুদ্ধে।

উল্লেখ্য যে, ‘তেজপুৰ বিশ্ববিদ্যালয়’ৰ ছাত্ৰ নিবাসত থাকি ‘এমবিবিটি’ বিভাগৰ গৱেষক ছাত্ৰ কৌশল আগৰৱালাই একেটা বিভাগৰে ছাত্ৰীগৰাকীক যৌননিৰ্যাতন চলোৱা বুলি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

কৌশল আগৰৱালাৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানা 2375/21 নম্বৰৰ এটি গোচৰৰ ভিত্তিত তদন্ত চলাই ‘তেজপুৰ বিশ্ববিদ্যালয়’ৰ চৌহদৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্তক। ছাত্ৰগৰাকীক আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়ালয়ে জে’ললৈ প্ৰেৰণ কৰে। ‘তেজপুৰ বিশ্ববিদ্যালয়’ৰ দৰে দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ এনে ঘৃণনীয় কাণ্ডই চিন্তিত কৰি তুলিছে সভ্যসমাজক!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular