spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকপানী নহয়, তেজ বৈছে এখন নদীৰে! কাৰ ভুলৰ পৰিণাম ভুগিছে নামদাং নৈপৰীয়াই?

পানী নহয়, তেজ বৈছে এখন নদীৰে! কাৰ ভুলৰ পৰিণাম ভুগিছে নামদাং নৈপৰীয়াই?

ডিজিটেল ডেস্ক : পানী নহয় যেন তেজহে বৈছে এখন নৈৰে! তেজৰ দৰে ৰঙা হৈ পৰিছে এখন নদী। সাধাৰণ গঞা ৰাইজৰ আশা-ভৰসাৰ স্থল হিচাপে পৰিগণিত হোৱা এই নদীখন এতিয়া হৈ পৰিছে বিষাক্ত। কিন্ত কিয় ৰঙা হৈ পৰিছে এসময়ত বিশুদ্ধ পানীৰ সোতে জিলমিলোৱা এই নৈখন? এই তথ্য জানিলে আপোনাৰো চকু কপালত উঠিব। এই নৈখন হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক নামদাং। নাগালেণ্ডৰ পৰা বৈ অহা এই নামদাং নৈ শিৱসাগৰ জিলাৰ আমগুৰি আৰু নাজিৰা সমষ্টিৰ মাজেৰে বৈ আহি দিখৌমুখৰ মিটং নদীত মিলিত হৈছে। এই নামদাং নদীৰ পানীত বিগত এটা সপ্তাহে বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি হোৱাৰ ফলত প্ৰদূষিত হৈ পৰিছে। যি বিষাক্ত পানী সেৱন কৰি ইতিমধ্যে অসুখত ভুগিছে বহু লোকৰ লগতে অন্য প্ৰাণীও।


এই নামদাঙৰ পানীৰ ওপৰত ভৰসা কৰিয়েই জীৱন নিৰ্বাহ কৰে গ্ৰামাঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালে। খোৱা-ধোৱা সকলোতে ব্যৱহৃত হয় এই পানী। কিন্তু এতিয়া এটোপাল খোৱাপানীৰ বাবে হাহাকাৰ অৱস্থা হৈছে গাঁওবাসীৰ। কিয়নো তেজৰ দৰে ৰঙা হৈ পৰিছে নামদাঙৰ বিশুদ্ধ পানী। তদুপৰি কেইবাকিলোমিটাৰ ধৰি বিয়পি পৰিছে ইয়াৰ দুৰ্গন্ধ। প্ৰদূষিত পানীয়ে ভাবুকি কঢ়িয়াইছে নদীৰ মাছকে ধৰি জলজ জীৱবোৰ আৰু কাষৰীয়া জীৱকুললৈও। কিন্তু কাৰ ভুলৰ পৰিণাম ভুগিছে নামদাঙপৰীয়াই?


স্থানীয় ৰাইজৰ সন্দেহ যে, অ’ এন জি চি অথবা কয়লাখনিয়ে এৰি দিয়া ৰাসায়নিক পদাৰ্থৰ বাবেই নামদাঙত এনেদৰে বিষাক্ত পানী ব’বলৈ আৰম্ভ কৰিছে। ইতিমধ্যে এই সম্পৰ্কত নাজিৰা মহকুমা ছাত্ৰ সন্থাই মহকুমাধিপতিক প্ৰদান কৰিছে অভিযোগ পত্ৰ। অনতিপলমে এই সমস্যা সমাধান কৰি এখন প্ৰাণৱন্ত নদীক মৃত্যুৰ মুখৰ পৰা বছোৱাৰ তুলিছে আছুৱে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular