spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকভোগৰ বতৰত আত্মনিৰ্ভৰশীল অসমৰ এখন দুখলগা ছবি, কথাৰ মালিতাৰে অসমীয়াক জীয়া ফাঁকি...

ভোগৰ বতৰত আত্মনিৰ্ভৰশীল অসমৰ এখন দুখলগা ছবি, কথাৰ মালিতাৰে অসমীয়াক জীয়া ফাঁকি চৰকাৰৰ

ডিজিটেল ডেস্ক : কৃষিজীৱি অসমীয়াই পথাৰৰ খেতি চপাই শেষ হোৱাৰ পাছত উলহ-মালহেৰে উদযাপন কৰা বিহুটোৱেই হৈছে ভোগৰ উৎসৱ ভোগালী বিহু। চপাই শেষ হোৱা পথাৰৰ ধানৰ ন-চাউল, বাৰীৰ শাক-পাচলি, পুখুৰীৰ মাছ, গঁৰালৰ হাঁহ-কুকুৰা-খাহী-গাহৰিৰে শেষ নোহোৱা অনেক খাদ্যসম্ভাৰ। মুঠতে উভৈনদী খাদ্য-ব্যঞ্জনেৰে ভোগৰ বতৰ এই মাঘৰ বিহু। কাতিৰ কঙালৰ অন্তত আৰম্ভ হোৱা এই ভোগৰ উৎসৱত কৃষিজীৱি অসমীয়াই সন্মুখীন হ’ব নালাগে কোনো অভাৱৰ। যিফালেই হাত মেলে, সেইফালেই উভৈনদী প্ৰতিটো কৃষিজাত সামগ্ৰীৰ।


পিছে সেই ভোগৰ দিন এতিয়া উকলিল। আজিৰ অসমীয়াই পৰম্পৰা ৰক্ষাৰ নামত মাত্ৰ পালন কৰিবলগা হৈছে বিহু। প্ৰতিটো বস্তুৰ বাবে অসম আজি চুবুৰীয়া দেশ তথা ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। শেহতীয়া কেইবছৰমানৰ বিহুৰ সমীক্ষাই উদঙাইছে ভয়ংকৰ তথ্য। প্ৰচুৰ চাহিদা থকাৰ পাছতো অসম আজি মাছ-মাংস, শাক-পাচলিৰ ওপৰত নিৰ্ভৰশীল নহয়। প্ৰয়োজনীয় অধিকাংশ বস্তুৱেই আমদানি কৰিব লগা হয় পঞ্জাব-হাৰিয়ানা-অন্ধ্ৰপ্ৰদেশ-বিহাৰৰ লগতে বাংলাদেশ-ম্যানমাৰৰ পৰা। প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কাৰ দোষত আজি ভোগালী অসমে প্ৰয়োজনীয় কৃষি উৎপাদিত সামগ্ৰীৰ বাবে পৰমুখাপেশী হ’বলৈ বাধ্য হৈছে?


এক বিশেষ সূত্ৰৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি আমদানিকৃত ৫ হাজাৰ কুইন্টলৰো অধিক মাছেৰে অসমবাসীয়ে পালন কৰিব লাগিব এইবাৰৰ ভোগালী বিহু। অসমত কুলি চৰাইৰ মাত নুশুনোতেই চীনত যেনেকৈ প্লাষ্টিকৰ কপৌফুল প্ৰস্তুতিৰ উজান উঠে, বিহাৰত গামোছা তৈয়াৰৰ ধুম উঠে; ঠিক একেদৰেই অসমত ঢেকীৰ শব্দৰ গুমগুমনি নুঠোতেই বাংলাদেশৰ পুখুৰীত মাছ ধৰাৰ প্ৰতিযোগিতা চলে। সেই মাছৰেই উদৰ পূৰাব লাগিব ভোগালী উদযাপন কৰিবলৈ ওলোৱা খাৰখোৱা অসমীয়াৰ!


২০২০ চনৰ নবেম্বৰ মাহৰ শেষৰফালে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ ৫ বছৰৰ সাফল্যৰ খতিয়ান দিবলৈ গৈ মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই দিয়া মন্তব্য মিছা প্ৰমাণিত কৰিলে এইবাৰৰ ভোগালীয়ে। চাহিদা অনুপাতে অসমত থলুৱা মাছৰ উৎপাদন বৃদ্ধি পোৱা বাবে অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ড, মনিপুৰ, মিজোৰাম, অৰুণাচল আদিলৈ ৰপ্তানি কৰিবলৈ অসম সমৰ্থ হৈছে বুলি প্ৰকাশ কৰিছিল মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কিন্তু দুটা বছৰত এনে কি উল্লেখনীয় পৰিঘটনা ঘটিল, যাৰ বাবে মাছৰ উত্পাদন বৃদ্ধি পোৱা ৰাজ্যখনে এইবাৰ ভোগালীৰ চাহিদা পূৰণ কৰিবলৈ বাংলাদেশৰ পৰা ১২ হাজাৰ কেজি, ম্যানমাৰৰ পৰা ২৪ হাজাৰ কেজি আৰু আন আন ৰাজ্যৰ পৰা মুঠ ৫ হাজাৰ কুইন্টলৰো অধিক মাছ আমদানি কৰিব লগা পৰিস্থিতি উদ্ভৱ হ’ল। নিজৰ বিভাগৰ দুৰ্বলতা ঢাকিবলৈ মন্ত্ৰীয়ে মিছা তথ্যৰ আশ্ৰয় ল’লে নেকি তাক লৈয়ো এতিয়া প্ৰশ্নৰ উদ্ভৱ হৈছে। অসমত মীন পালনৰ বাবে এটা বিয়াগোম বিভাগ থকাৰ পাছতো মৎস উৎপাদনৰ এটা অনুকুল পৰিৱেশ সৃষ্টি কৰিব নোৱাৰাটো বিভাগটোৰ চৰম ব্যৰ্থতা হিচাপে পৰিগণিত হৈছে।


কেৱল মাছৰ ক্ষেত্ৰতেই নহয়, মাংসৰ ক্ষেত্ৰতো একেই পুতৌলগা অৱস্থা ৰাজ্যখনৰ। অসমত গাহৰিৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পাছতো গাহৰি মাংসৰ বাবে অসম নিৰ্ভৰ কৰিব লগা হয় বহিঃৰাজ্যৰ ওপৰত। তথ্য অনুসৰি বছৰি ১১.০৭ কোটি কেজি গাহৰি প্ৰয়োজন হয় অসমত। কিন্তু সেই অনুপাতে বছৰি ১.৮৭ কোটি কেজি গাহৰিহে অসমে উত্পাদন কৰিবলৈ সমৰ্থ হৈছে। প্ৰয়োজনীয় বাকী পৰিমাণৰ বাবে নিৰ্ভৰ কৰিব লগা হয় পঞ্জাব-হাৰিয়ানাৰ ওপৰত। চাহিদাৰ বিপৰীতে অসমত মাত্ৰ ৪০ শতাংশ গাহৰিহে উত্পাদন হয়। এই কথা স্বীকাৰ কৰিছে খোদ কৃষি আৰু পশুপালন দপ্তৰৰ মন্ত্ৰী অতুল বৰাই। অৰ্থাৎ প্ৰয়োজনীয় অৰ্ধাংশও উৎপাদন কৰিব নোৱাৰে অসমে।


আন প্ৰয়োজনীয় বস্তু যেনে- শাক-পাছলি, গোলামাল সামগ্ৰী আদিৰ ওপৰতো পৰ নিৰ্ভৰশীল অসমত কিদৰে চাহিদা অনুপাতে উত্পাদনৰ হাৰ বৃদ্ধি কৰিব পাৰি সেই বিষয়ে চিন্তা-চৰ্চা কৰি সুদূৰপ্ৰসাৰী আঁচনি গ্ৰহণ কৰাৰ সলনি আত্মনিৰ্ভৰশীল অসমৰ শ্লোগান আওঁৰাই থকা অসম চৰকাৰৰ বাবে এইবাৰৰ ভোগালী এটা শিক্ষা হোৱা উচিত। চৌদিশৰ প্ৰচুৰ সম্ভাৱনাক কাৰ্যত ৰূপায়ণৰ বাবে চৰকাৰে গুৰুত্ব নিদিলে কেৱল মাত্ৰ কথাৰ ফুলজাৰিতেই অসম আত্মনিৰ্ভৰ হ’ব নোৱাৰিব। এনে সময়ত সঘনাই আত্মনিৰ্ভৰশীলতাৰ কথা কোৱা চৰকাৰে বিজ্ঞাপন আৰু কথাৰে জনসাধাৰণক জীয়া ফাঁকি দি আছে বুলিও অভিযোগ উত্থাপিত হৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular