Google search engine
26 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকভোটাৰক আকৃষ্ট কৰিবলৈ আকৰ্ষণীয় ৰূপত সজোৱা হৈছে এটি ভোটকেন্দ্ৰ

ভোটাৰক আকৃষ্ট কৰিবলৈ আকৰ্ষণীয় ৰূপত সজোৱা হৈছে এটি ভোটকেন্দ্ৰ

বৈঠালাংছঃ আজি বিধানসভা নিৰ্বাচনৰ ২য় পৰ্যাৰ ভোটগ্ৰহণৰ দিন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভোটকেন্দ্ৰসমূহত পুৱাৰেপৰা ভোটাৰসকলে ভিৰ কৰাৰ লগতে ভোটকেন্দ্ৰসমূহো সজাই-পৰাই তোলা হৈছে। ২০নং বৈঠালাংছ বিধানসভা সমষ্টিৰ অন্তৰ্গত খেৰণিৰ এটি ভোটকেন্দ্ৰ ‘আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ’ হিচাপে বিবেচিত হৈছে।

আৰু পঢ়িব পাৰিব : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ : ইভিএমত বন্দী হ’ব ৩৪৫ জন প্ৰাৰ্থীৰ ভাগ্য

খেৰণি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম Festival of Democracy (গণতান্ত্ৰিক উৎসৱ)। আটকধুনীয়াকৈ সজাই তোলা মঞ্চৰ ভিতৰত ক্ৰমে ২১১ আৰু ২১০ নম্বৰৰ ভোটগ্ৰহণ কেন্দ্ৰ দুটা স্থাপন কৰা হৈছে।

আৰু পঢ়িব পাৰিব  : ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰেপৰা বৰ্তমানলৈ জব্দ ২৪.৫০ কোটি নগদ ধন

উল্লেখ্য যে, ২১০টা ভোটগ্ৰহণ কেন্দ্ৰত আছে সৰ্বমুঠ ১০১৪গৰাকী ভোটাৰ, ইয়াৰে মহিলা ভোটাৰ ৪৯২জন আৰু পুৰুষ ৫২২গৰাকী। আনহাতে ২১১টা ভোটগ্ৰহণ কেন্দ্ৰত আছে সৰ্বমুঠ ৮০৭গৰাকীৰ ভোটাৰ। ইয়াৰে ৩৭২গৰাকীৰ মহিলা ভোটাৰৰ বিপৰীতে ৪৩৫গৰাকী পুৰুষ ভোটাৰ আছে।

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26 ° C
26 °
26 °
98 %
1.2kmh
100 %
Tue
26 °
Wed
33 °
Thu
31 °
Fri
28 °
Sat
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular