spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeআঞ্চলিকভয়ংকৰ পথ দুৰ্ঘটনা! পুখুৰীত সোমাল চাৰিচকীয়া বাহন, প্ৰাণ গ’ল দুজনৰ

ভয়ংকৰ পথ দুৰ্ঘটনা! পুখুৰীত সোমাল চাৰিচকীয়া বাহন, প্ৰাণ গ’ল দুজনৰ

শিৱসাগৰঃ চৌদিশে মহিষমৰ্দিনীৰ আৰাধনা! দুৰ্গতিনাশিনীৰ আৰাধনাৰে মুখৰিত চৌদিশ। ক’ভিড বিধিৰ মাজেৰে ৰাজ্যত চলিছে দেৱীৰ অৰ্চনা। তাৰ মাজতে ৰাজ্যৰ ভিন্নস্থানত সংঘটিত হৈছে পথদুৰ্ঘটনা। শিৱসাগৰত মাজনিশা সংঘটিত হয় ভয়ংকৰ পথদুৰ্ঘটনা! ৰুদ্ৰসাগৰৰ মানকটাত পুখুৰীত সোমাল ছুইফত ডিজায়াৰ। দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ ASO1 EO O886।

আমাৰ সাংবাদিকে জনোৱা অনুসৰি, গাড়ীখনত আছিল তিনিগৰাকী আৰোহী। অধিবক্তাসহ নিহত হৈছে দুজন ব্যক্তি। নিহত হোৱা ব্যক্তি দুজন ক্ৰমে অধিবক্তা নিবেদন শৰ্মা আৰু ৰ’জমণি দাস নামৰ আন এজন যুৱক। গুৰুতৰভাৱে আহত হয় আন এজন যুৱক। আহত যুৱকজনৰ নাম মৃণাল দাস। মৃণাল দাসক উন্নত চিকিৎসাৰ বাবে ‘এমচিএইচ’লৈ প্ৰেৰণ কৰা হয়। নিবেদন আৰু ৰ’জমণিৰ ঘৰ ৰুদ্ৰসাগৰত। আহত মৃণালৰ ঘৰ বলিয়াঘাটত বুলি আমাৰ হাতলৈ খবৰ আহিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular