spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকবিমান দুৰ্ঘটনাৰ ফলত অন্ন হেৰুওৱা অসমৰ এখন গাঁও! ক’ত আছে গাঁওখন?

বিমান দুৰ্ঘটনাৰ ফলত অন্ন হেৰুওৱা অসমৰ এখন গাঁও! ক’ত আছে গাঁওখন?

ডিজিটেল ডেস্কঃ ২০১৫চন। ৰূপহীহাটৰ জুৰীয়াত এটা প্ৰকাণ্ড শব্দৰ অনুভূতি৷ শব্দটো আছিল ভাৰতীয় বায়ু সেনাৰ ‘চুখই-৩০’ নামৰ অত্যাধুনিক যুদ্ধ বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ শব্দ৷ সেই বিমান দুৰ্ঘটনাটোৰ বাবে যেন আজিও দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰূপহীহাটৰ জুৰীয়াৰ পূব কলাডুবাবাসীয়ে৷

ঘটনা অনুসৰি, ভাৰতীয় বায়ু সেনাৰ ‘চুখই-৩০’ নামৰ অত্যাধুনিক যুদ্ধ বিমানখন তেজপুৰৰ পৰা উৰা মৰাৰ কিছুসময়ৰ পাছত দুৰ্ঘটনাত পতিত হৈ পোন্ধৰ ফুট দ’ গাঁতৰ সৃষ্টি কৰি সোমাই পৰিছিল পূব কলাডুৱাৰ ধাননি পথাৰত৷ অৱশ্যে বিমানখনৰ দুজন চালকে আকাশ মাৰ্গৰ পৰা পেৰাসুটেৰে জপিয়াই নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হৈছিল৷


ঘটনাটোৱে ইতিমধ্যে প্ৰায় ৬বছৰ অতিক্ৰম কৰিলে, কিন্তু এই বিমান দুৰ্ঘটনাটোৱে যেন গাঁওবাসীৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই অনাৰ লগতে ইয়াৰ কু-ফল তেওঁলোকে আজিও ভুগি আছে৷ উল্লেখযোগ্য যে বিমানখনৰ নিৰ্গত হোৱা তেলৰ বাবে আজিলৈকে পথাৰখনত কোনোধৰণৰ শস্য নহয়, লগতে পথাৰখনত থকা পুখুৰীসমূহতো গাঁওবাসীয়ে মৎস উৎপাদন কৰাৰ পৰা বঞ্চিত হৈ আছে৷ দুৰ্ঘটনাৰ পাছতেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ লগতে উপযুক্ত চিকিৎসাপ্ৰদানৰ আশ্বাস দিছিল যদিও আজিলৈকে ফুটা কড়িও নাপালে দুৰ্ভগীয়া পৰিয়ালকেইটাই। দুৰ্ভগীয়া পৰিয়াল কেইটাই সাহায্যৰ ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰীৰ লগতে বায়ুসেনা বিভাগক অনুৰোধ জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular