spot_img
27 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeআঞ্চলিকপ্ৰেমিকক বিচাৰি গৈ হত্যাৰ বলি হ'ল এগৰাকী যুৱতী; সন্দেহৰ আৱৰ্তত প্ৰেমিক

প্ৰেমিকক বিচাৰি গৈ হত্যাৰ বলি হ’ল এগৰাকী যুৱতী; সন্দেহৰ আৱৰ্তত প্ৰেমিক

বৰপেটা : হত্যা-ধৰ্ষণ-লুণ্ঠনৰ ঘটনাই প্ৰায় প্ৰতিদিনে ৰাজ্যৰ সংবাদ শিৰোনাম দখল কৰি আহিছে৷ তাৰ মাজতে এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷ এইবাৰ প্ৰেমিকক বিচাৰি গৈ হত্যাৰ বলি হ’বলগীয়া এগৰাকী যুৱতী৷ এই ঘটনাই এতিয়া সৰ্বত্ৰে লাভ কৰিছে চৰ্চা৷ ঘটনাটো সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ আন্তৰ্গত কাউৰজাহী গাঁৱত৷

ঘটনাৰ সবিশেষ অনুসৰি, গাঁওখনৰ শুকুৰ আলীৰ কন্যা আমিনা খাতুন (১৯)ৰ চাৰি মাহ পূৰ্বে দিগজানি গাঁৱত সামাজিকভাৱে বিয়া হৈছিল। কিন্তু আমিনা খাতুনৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত কীৰ্তনপাৰা গাঁৱৰ জিয়াৰুল ইছলামৰ লগত আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক৷ প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে প্ৰেমিকৰ অপেক্ষাত স্বামীগৃহ ত্যাগ কৰি পিতৃগৃহলৈ উভতি আহে আমিনা খাতুনে । কিন্তু বিগত ১২ আগষ্টত পিতৃগৃহৰপৰা প্ৰেমিক জিয়াৰুলৰ সন্ধানত কলগাছিয়া বজাৰলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হয় আমিনা।

তাৰপাছৰ পৰা পৰিায়লৰ লোকে বিচাৰ-খোচাৰ কৰে যদিও সন্ধান উলিয়াব পৰা নাছিল যুৱতীগৰাকীৰ৷ অৱশেষত আজি গোৱালপাৰাৰ মাটিয়াৰ পৰা আমিনা খাতুনৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰৰ পাছতেই শোকত ভাঙি পৰে পৰিয়ালৰ লোক৷ আমিনাৰ আত্মীয়ই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে এই হত্যাকাণ্ডৰ লগত প্ৰেমিক জিয়াৰুল ইছলাম জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে। আৰু এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মাটিয়া থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে৷ যদিও আৰক্ষীৰ অনুসন্ধানতহে ওলাই পৰিব এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য কি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
83 %
0kmh
75 %
Thu
27 °
Fri
33 °
Sat
33 °
Sun
32 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular