spot_img
17 C
Guwahati
17 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকএনআৰচি পুনৰীক্ষণত আছু-চৰকাৰৰ সহমত

এনআৰচি পুনৰীক্ষণত আছু-চৰকাৰৰ সহমত

গুৱাহাটী : অসমচুক্তি ৰূপায়ণক লৈ আজি মন্ত্ৰী অতুল বৰাৰ সৈতে দ্বিতীয়লানি বৈঠকত বহিল ‘আছু’ৰ প্ৰতিনিধি৷ এই বৈঠকত এনআৰচি পুনৰ পৰীক্ষণৰ কথা কৈছে আছুৱে৷ লগতে বিদেশী ন্যায়াধিকৰণ অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ উপৰি কাঁইটীয়া তাঁৰেৰে সীমান্ত কটকটীয়া কৰা হ’ব বুলি সিদ্ধান্ত লয়৷ আছুৱে যুক্তি সহকাৰে ‘কা’ বাতিলৰ কথা উল্লেখ কৰাৰ কথাও কয় বৈঠকত৷

আছুৰ নেতৃত্বই এই বৈঠকত ভোটাৰ তালিকাৰ পৰা বিদেশীক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বহিষ্কাৰ কৰিব লাগে বুলি বুলি জনোৱাৰ লগতে আৰক্ষীক শক্তিশালী কৰিব লাগে, বিদেশী ন্যায়াধিকৰণ সমূহক শক্তিশালী কৰিব লাগে, প্ৰত্যেক জিলাত এজন বিশেষ আৰক্ষী অধীক্ষক নিযুক্ত কৰিব লাগে, জে’লত থকা বিদেশীসকলক ক্ষীপ্ৰতাৰে বহিষ্কাৰৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন কৰে৷

ইয়াৰ উপৰি দ্বিপাক্ষীক চুক্তি নোহোৱাৰ বাবে বিদেশীৰ প্ৰত্যাৰ্পন হোৱা নাই বুলিও কয়৷ বিদেশীক চিনাক্তকৰণৰ বাবে প্ৰশাসনিক যন্ত্ৰটো সবল নহয় বুলিও কয়৷ লগতে খিলঞ্জীয়াৰহে প্ৰভূত্ব থাকিব লাগিব এইখন অসমত৷ বিদেশী বহিষ্কাৰৰ বাবে দ্বিপাক্ষীক চুক্তি হ’বই লাগিব বুলি কেন্দ্ৰৰ লগত আলোচনা কৰিবলৈ অসম চৰকাৰক আমি হেঁচা দিছো বুলি কয়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular