Google search engine
26.1 C
Guwahati
Saturday, July 24, 2021
Google search engine
Homeআঞ্চলিকআছুৰ কথা এতিয়া কোনেও নুশুনে, আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটিছেঃ অতুল বৰা

আছুৰ কথা এতিয়া কোনেও নুশুনে, আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটিছেঃ অতুল বৰা

কাজিৰঙা : আছুৰ বিৰুদ্ধে আক্ৰমণাত্মক অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা৷ ‘আছুৰ কথা এতিয়া কোনেও নুশুনে৷ আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটিছে’- বুলি মন্তব্য কৰে তেওঁ৷ কংগ্ৰেছকো তাচ্ছিল্য বৰাৰ৷ কংগ্ৰেছ এতিয়া মৰুভূমিসদৃশ বুলি কটাক্ষ কৰে বৰাই৷ অগপত ভেজাল ৰাজনীতি নাই বৰং আছুৰহে সম্প্ৰতি মৃত্যু ঘটিছে৷

আৰু পঢ়িব পাৰিব : দেশৰ কনিষ্ঠতম মহিলা পাইলট কাশ্মীৰৰ আয়েছা

আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটাই লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ নেতৃত্বই ইতিমধ্যে জাতীয় সংগঠনটোত কফিনৰ শেষ গজালটো মাৰিছে বুলি কটাক্ষ কৰে অতুল বৰাই৷ ৰাজ্যৰ চাহ বাগিচাসমূহত আৰম্ভ হোৱা ‘ধন পুৰস্কাৰ মেলা’ অনুষ্ঠানৰ এক কাৰ্যসূচীৰ বাবে আজি কাজিৰঙাৰ হাতীখুলিত উপস্থিত হৈ আছু সম্বন্ধে এনেধৰণৰ বক্তব্য প্ৰদান কৰে অগপৰ কেন্দ্ৰীয় সভাপতিজনে৷

আৰু পঢ়িব পাৰিব : অভিনেত্ৰীক অশালীন মন্তব্য কৰি বিপদত জুবিন গাৰ্গ

তেওঁ কয়, পূৰ্বতে আছুৰ কথা সকলোৱে শুনিছিল, মানিছিল৷ কিন্তু এতিয়া আৰু কোনেও নুশুনে৷ মন্ত্ৰী অতুল বৰাই কংগ্ৰেছক তাচ্ছিল্য কৰি কয় যে কংগ্ৰেছে চুনামী আনিব নোৱাৰে, বৰং কংগ্ৰেছ মানেহে চুনামী৷ কংগ্ৰেছ এতিয়া মৰুভূমিসদৃশ৷ ইপিনে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে চাহ জনগোষ্ঠীকে প্ৰমুখ্যে সকলো পিছপৰা জাতি-জনগোষ্ঠীক আগবঢ়াই নিয়াৰ বাবে কচৰৎ কৰিছে বুলি অতুল বৰাই দোহাৰে৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
26.1 ° C
26.1 °
26.1 °
93 %
0.7kmh
100 %
Sun
33 °
Mon
33 °
Tue
33 °
Wed
29 °
Thu
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular