spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকপ্ৰেমিকাৰ সৈতে বনভোজ খোৱাৰ পাছতে উদ্ধাৰ আছুকৰ্মীৰ মৃতদেহ? ন্যায় বিচাৰি মাতৃৰ কান্দোন

প্ৰেমিকাৰ সৈতে বনভোজ খোৱাৰ পাছতে উদ্ধাৰ আছুকৰ্মীৰ মৃতদেহ? ন্যায় বিচাৰি মাতৃৰ কান্দোন

ডিজিটেল ডেস্ক: দহদিনে সন্ধান নোলাল বাকসাৰ আছুকৰ্মী কপিল তালুকদাৰৰ হত্যাকাৰীৰ৷ ন্যায় বিচাৰি থানা ঘেৰাও কৰিলে স্থানীয় ৰাইজে৷ পুত্ৰহাৰা মাতৃয়ে ন্যায় বিচাৰি কাতৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক৷ উল্লেখ্য যে বিগত ২৮ ডিচেম্বৰত বাকসাৰ জিলাৰ‌ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত নয়াৱস্তিত আছুকৰ্মীৰ ৰহস্যজনক আত্মহত্যাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷

নয়াৱস্তিৰ কপিল তালুকদাৰ নামৰ ছাত্ৰ কৰ্মীজনে প্ৰেমিকাৰ সৈতে বনভোজ খাবলৈ গৈছিল বাকসাৰ চৌকিলৈ৷ চৌকিৰ পৰা ঘুৰি অহাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নাপালে৷ কিন্তু ২৯ ডিচেম্বৰৰ পুৱা নয়াৱস্তিৰ আশ্ৰাবাৰীত বগৰী গছত ডিঙিত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ছাত্ৰকৰ্মী কপিল তালুকদাৰৰ মৃতদেহ৷

ইয়াৰ পাছতে কপিলৰ পৰিয়ালৰ লোকে ছাত্ৰকৰ্মীকজনক হত্যাৰ অভিযোগ তুলি বৰবৰী আৰক্ষী থানাত এখন এজাহাৰ প্ৰদান কৰিছিল৷ কিন্তু বিগত দহদিনে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে৷ সেয়ে আজি প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই বৰবৰী আৰক্ষী থানা ঘেৰাও কৰি হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে অসম আৰক্ষী মুৰ্দাবাদ, কপিল তালুকদাৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, আমাক ন্যায় লাগে আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷ হত্যাৰ বলি হোৱা কপিল তালুকদাৰৰ মাতৃয়েও ন্যায় বিচাৰি কান্দি কান্দি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক কাতৰ আহ্বান জনায়৷ উল্লেখ্য যে, মৃত কপিল তালুকদাৰ ধমধমা আঞ্চলিক কলেজৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular