spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকদেহাৱসান ঘটে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ

দেহাৱসান ঘটে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ

গুৱাহাটী : আজি দেহাৱসান ঘটে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী আব্দুল মুহিব মজুমদাৰৰ৷ ৮৯ বছৰ বসয়ত মৃত্যু হয় বৰ্ষীয়ান নেতাজনৰ৷ ৰাজনীতিবিদ হোৱা উপৰি মজুমদাৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাও আছিল৷ মজুমদাৰৰ পিতৃ আব্দুল মতলিব মজুমদাৰো এগৰাকী প্ৰাক্তন মন্ত্ৰী আছিল৷

১৯৮৩, ১৯৯৬ চনত দুবাৰকৈ মন্ত্ৰী হৈছিল মজুমদাৰ৷ IMDT আইনৰ খচৰা প্ৰস্তুত কৰিছিল মজুমদাৰে৷ লগতে হাইলাকান্দি সমষ্টিৰ পৰা ৪ বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷ ইয়াৰ উপৰি কিছুবছৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজত অধ্যাপনাও কৰিছিল৷ অসম, অৰুণাচলৰ মহাধিবক্তা হিচাপেও কৰ্মৰত আছিল মজুমদাৰ৷

তেখেত কংগ্ৰেছ আৰু অগপ দুই মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীৰূপে দায়িত্ব পালন কৰিছিল। ৰাজীৱ ভৱনত আজি তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular