‘এটা কঁঠাল লৈ আহা…’ হাস্পতাললৈ যোৱাৰ পূ্ৰ্বে প্ৰণৱ মুখাৰ্জীৰ ইচ্ছা পূৰাইছিল পুত্ৰই

নতুন দিল্লী : সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰণৱ মুখাৰ্জী। ভেণ্টিলেটৰ ছাপ’ৰ্টত থকা মুখাৰ্জীৰ স্বাস্থ্য বিষয়ক তথ্য সদৰী কৰি আহিছে তেওঁৰ পুত্ৰ অভিজিৎ বেনাৰ্জীয়ে। পুত্ৰ অভিজিতে সংবাদ মাধ্যমৰ আগত চিকিৎসাধীন হোৱাৰ কেইদিনমান পূৰ্বে মুখাৰ্জীয়ে তেওঁক দিয়া এটা বিশেষ নিৰ্দেশৰ কথা সদৰী কৰিছে।

আৰু পঢ়িব পাৰিব: হাজোত আৰক্ষী জোৱানক ড্ৰাগছ মাফিয়াৰ ছুৰীকাঘাত

অভিজিতে কয় যে, তেওঁৰ পিতৃয়ে হাস্পতাললৈ যোৱাৰ কেইদিনমান পূ্ৰ্বে তেওঁক কৈছিল, ‘কঁঠাল নিয়ে আয়’ অৰ্থাৎ এটা কঁঠাল লৈ আহা। পিতৃৰ আজ্ঞা পালি অভিজিতে তেওঁলোকৰ নিজ গাঁৱৰ পৰা দিল্লীলৈ কঁঠাল লৈ গৈছিল। তেওঁ কয় ‘মই কলকাতাৰপৰা আমাৰ মিৰাতী গাঁৱলৈ (পশ্চিমবংগৰ বীৰভূম জিলাৰ) কঁঠাল আনিবলৈ গৈছিলোঁ। ২৫ কিলোগ্ৰামৰ এটা পকা কঁঠাল মই তাৰপৰা লৈ আহিছিলোঁ।

আৰু পঢ়িব পাৰিব: ফাৰ্মাচীলৈ যোৱা যুৱকক সুৰামত্ত যুৱতীৰ আক্ৰমণ! কাঢ়িলে মোৱাইল

৩আগষ্টত মই দিল্লীলৈ ৰে’লযোগে যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু তেওঁক কঁঠাল নি দিছিলোঁ। মই আৰু দেউতা দুয়ো ৰে’লযাত্ৰা ভাল পাইছিলোঁ।’ নতুন দিল্লীৰ গ্ৰেটাৰ কৈলাসত থকা বাসগৃহত সাংবাদিকৰ সৈতে কথা পাতি ৬০ বছৰীয়া অভিজিৎ বেনাৰ্জীয়ে লগতে কয়, ‘সেইদিনা তেওঁ আনন্দেৰে কঁঠাল খাইছিল।

আৰু পঢ়িব পাৰিব: মালদ্বীপলৈ ভাৰতৰ ৫০০ নিযুত ডলাৰ : বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰো পদক্ষেপ

সৌভাগ্যৱশতঃ তেওঁৰ দেহৰ শৰ্কৰাৰ স্তৰ ঠিকে আছিল।’ কিন্তু তাৰ এসপ্তাহৰ পাছতে আকস্মিকভাৱে তেওঁ অসুস্থ হৈ পৰে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়। প্ৰথম তেওঁ ক’ভিড আক্ৰান্ত বুলি ধৰা পৰে আৰু তাৰ পাছত তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। অভিজিতে সদৰী কৰা মতে প্ৰণৱ মুখাৰ্জী দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰেপৰা তেওঁ স্বাস্থ্যৰ চোৱাচিতা সেনাৰ চিকিৎসকে কৰি আহিছে। সেয়ে, তেওঁক দিল্লীৰ আৰ্মী ৰিচাৰ্ছ এণ্ড ৰেফাৰেল হাস্পতাললৈ নিয়া হৈছিল। শেহতীয়াকৈ তেওঁ পিতৃক হাস্পতালত দেখা কৰাৰ সময়ত তেওঁ স্বাভাৱিকভাৱে উশাহ-নিশাহ লৈ থকা বুলি প্ৰকাশ কৰে অভিজিত মুখাৰ্জীয়ে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES