spot_img
28 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিকবিটিচিৰ শিক্ষা সঞ্চালকক এবিএমছুৰ স্মাৰক-পত্ৰ প্ৰদান

বিটিচিৰ শিক্ষা সঞ্চালকক এবিএমছুৰ স্মাৰক-পত্ৰ প্ৰদান

কোকৰাঝাৰঃ কৰ’না মহামাৰীৰ বাবে ৰাজ্যত বিকল্প মূল্যায়ন পদ্বতিৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। উত্তীৰ্ণৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিত চৰম আহুকালৰ সৃষ্টি কৰাত উদ্বিগ্ন হৈ পৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ‘এবিএমছু’৷ ছাত্ৰ সংগঠন এবিএমছুৰ এটি সঁজাতী দলে কোকৰাঝাৰত বিটিচিৰ শিক্ষা সঞ্চালকক এখনি স্মাৰক-পত্ৰ প্ৰদান কৰে।

নামভৰ্তিক লৈ তীব্ৰ মানসিক চাপত পৰা ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে ‌প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ত আসনৰ সংখ্যা বৃদ্ধিৰ ব্যৱস্থা কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজৰ মহকুমা নাইবা জিলাত শিক্ষাগ্ৰহণৰ সুযোগ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে৷ লগতে এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইচন হুছেইনে সংখ্যালঘু অধ্যুষিত চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাথঁনিৰ শোচনীয় অৱস্থা আৰু ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা কম হোৱাৰ গুৰুতৰ অভিযোগ তুলি বিটিচি অঞ্চলৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন তথা ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ‌ দাবী তোলে।

চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰদান কৰা শৈক্ষিক জলপানিৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ বিষয়ে সদৰী কৰি জলপানিৰ ব্যৱস্থা গ্ৰহণ কৰা, বিটিচিত সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্চ শিক্ষানুষ্ঠান স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা, বিটিচিত অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু বিদ্যালয় পৰিচালনা সমিতিসমূহ গঠনৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ নীতি-নিয়ম বান্ধি দিয়াৰ দাবী তোলে এবিএমছুৰ নেতৃবৰ্গই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
28 ° C
28 °
28 °
74 %
0kmh
75 %
Wed
27 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular