spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআন্তঃৰাষ্ট্ৰীয়গাৰ নোম শিয়ঁৰি উঠা ঘটনা; দ্ৰুতবেগী বাহনে মহতীয়াই নিলে ৪৫জনক, তেজত বুৰ...

গাৰ নোম শিয়ঁৰি উঠা ঘটনা; দ্ৰুতবেগী বাহনে মহতীয়াই নিলে ৪৫জনক, তেজত বুৰ গ’ল ৰাজপথ

ডিজিটেল ডেস্ক : নাচ-গান-নৃত্যৰে মুখৰিত হৈ আছিল চৌপাশ। সকলোৱে আনন্দত মতলীয়া হৈ ভাগ লৈছিল এটা বিনন্দীয়া শোভাযাত্ৰাত। সকলোৰে মনত উলাহৰ ঢল। খ্ৰীষ্টমাছৰ আনন্দত সকলোৰে মন ৰঙীন উত্ৰাৱল। নাচি-বাগি, গীত গাই মতলীয়া হৈ থকাৰ মাজতে তেওঁলোকৰ মাজলৈ যে এক ভয়াৱহ দুৰ্যোগ সন্তৰ্পনে ৰৈ আছে সেই কথা কোনেও কল্পনাই কৰিব পৰা নাছিল। কোনেও ভাবিবই পৰা নাছিল যে, কাল অমানিশা লৈ এক ঘাতক তেওঁলোকৰ দিশে আহি আছিল। অৱশেষত সেয়াই হ’ল।

উৎসৱৰ আনন্দত মতলীয়া হৈ থকা লোকসকলৰ আনন্দ-উৎসৱ নিমিষতে কাৰুণ্যলৈ পৰ্যবসিত হ’ল। খ্ৰীষ্টমাছৰ গান-বাদ্যৰ সলনি বাজি উঠিল শোক সংগীত। আনন্দ উৎসৱ পৰিণত হ’ল শোক সমদলত।

ৰাজপথৰ এটা খ্ৰীষ্টমাছৰ সমদলক মহতীয়াই নিলে এখন এছইউভি-এ। ফলত পাঁচজনলৈ লোক নিহত হ’ল থিতাতে। আহত হ’ল আন ৪০ জন লোক। নিমিষতে ৰাজপথ হৈ পৰিল তেজেৰে ৰাঙলী।


ঘটনা সংঘটিত হৈছে আমেৰিকাৰ উইছকনছিন প্ৰদেশৰ ৱেকশ্বা চহৰত। দেওবাৰে নিশা প্ৰায় ১০.৩৯বজাত এই ঘটনা সংঘটিত হয়। বেৰিকেড ভাঙি এখন ৰঙা ৰঙৰ এছইউভি-এ এই বৃহৎসংখ্যক লোকক মহতীয়াই লৈ যায়। ফলত পাঁচজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন ৪০জনলৈ লোক। ইয়াৰ ভিতৰত ভালেসংখ্যক শিশুও আছে। আহতসকলক সমীপৰ ছখন হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে আৰু ঘটনাৰে জড়িত এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদৰ কিবা সম্পৰ্ক আছে নে নাই সেয়া জানিব পৰা হোৱা নাই। এই সম্পৰ্কত তদন্ত ঘোষণা কৰিছে প্ৰদেশখনৰ মেয়ৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular