spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeমনোৰঞ্জনবোমন ইৰাণীঃ ৱেটাৰৰ পৰা এক্টৰ হোৱা মানুহজন

বোমন ইৰাণীঃ ৱেটাৰৰ পৰা এক্টৰ হোৱা মানুহজন

ল’ৰাটোৱে পৃথিৱীৰ পোহৰ দেখিবলৈ তেতিয়াও তিনি মাহ বাকী। দুৰ্ভাগ্যবশতঃ মাতৃ গৰ্ভতেই পিতৃহাৰা হ’ল ল’ৰাজন। এফালে নৱজাতকক আদৰাৰ প্ৰস্তুতি, আনফালে নিজৰ মানুহজন হেৰাই যোৱাৰ দুঃসহ জ্বালা। ইয়াতকৈ বেদনা আন কিবা থাকিব পাৰেনে? মাতৃগৰাকীয়ে বুকুত এসাগৰ বিষাদ লৈয়ে জন্ম দিলে ল’ৰাজনক। সেয়া আছিল ১৯৫৯ চনৰ ২ ডিচেম্বৰৰ কথা। মুম্বাইত জন্মগ্ৰহণ কৰা কণমানিটোৱে যেন সংগ্ৰাম-সংঘৰ্ষক মাতৃ গৰ্ভত থাকোতেই লগৰী কৰি লৈ আনিছিল। বহু কষ্টেৰে মাকে অকলেই পিতৃ-মাতৃৰ দায়িত্ব পালন কৰি শিশুটিক মানুহ ৰূপে গঢ় দিয়াৰ চেষ্টাত ব্ৰতী হ’ল। সময়ত তাক স্কুলত নাম লগাই দিলে মাকে। স্কুলত আটাইতকৈ ভোটা বুদ্ধিৰ ছাত্ৰ হিচাপে সি চিহ্নিত হ’ল।

ইফালে ল’ৰাজনক শৈশৱতে এটা ৰোগে পিষ্ট কৰিলে, যাৰ বাবে সি কথাবোৰ ভালদৰে ফুটাই ক’ব নোৱাৰে, শব্দৰ উচ্চাৰণত বাৰে বাৰে উজুটি খায় আৰু বানানবোৰো চিনাক্ত কৰাত বিমোৰত পৰে। তাৰ মুখত কথাবোৰ ভালদৰে নুফুটে বাবে লগৰবোৰে জোকাইছিল ‘তোতলা’ বুলি। অৱশেষত বহু চিকিৎসাৰ অন্ততহে ল’ৰাজনে এই ৰোগৰ পৰা নিস্তাৰ পাইছিল। দিনবোৰ বাগৰি গৈ থাকিল। মাকৰ কষ্ট দেখি তাৰ মনত সদায় এটা কথাই খেলাইছিল..”কেতিয়া বাৰু মাৰ ওঁঠত মই হাঁহি জিলিকাব পাৰিম”..কেতিয়া বাৰু সমাজৰ আগত মায়ে মোক দেখুৱাই ক’ব পাৰিব-‘চোৱা এইটো মোৰ ল’ৰা।” ঘৰখনক আৰ্থিক সকাহ দিবৰ বাবে সি যেতিয়াই যি পাৰে সেই কাম কৰিবলৈ ল’লে। এটা সময়ত ল’ৰাজনে মুম্বাইৰ মিঠীবাঈ কলেজত ৱেটাৰ হোৱাৰ বাবে ৬ মহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিলে। প্ৰশিক্ষণৰ অন্তত সি যোগদান কৰিলে ‘তাজমহল পেলেচ এণ্ড টাৱাৰ’ নামৰ এখন হোটেলত। ৱেটাৰ হিচাপে দিন-ৰাতি পৰিশ্ৰম কৰে লৰাজনে। দুই বছৰ ৱেটাৰ হিচাপে কাম কৰাৰ পাছত সি ঘৰলৈ ঘূৰি আহে। ঘৰত পূৰ্বৰে পৰা আছিল বেকাৰীৰ এখন তেনেই সৰু দোকান। দেউতাকৰ মৃত্যুৰ পিছত দোকানখন মাকে চলাইছিল। ঘৰলৈ আহি ল’ৰাজনে দোকানখনৰ দায়িত্ব কান্ধ পাতি ল’লে।

ল’ৰাটোৱে চিনেমা চাই খুব ভাল পাইছিল, সেয়েহে দিনটোৰ কামৰ অন্তত অলপ মানসিক শান্তি আৰু মনোৰঞ্জনৰ বাবে সি চিনেমা চাইছিল টিভিত অথবা হলত। ইতিমধ্যে ল’ৰাটো হৈছিলগৈ ৩২ বছৰীয়া গজগজীয়া ডেকা। এটা চিন্তাই সদায় তাৰ মনত তাৰ মূৰত বাহ লৈছিল.. ‘মই কি সদায় এনেদৰে থাকি যাম’.. ‘মই মোৰ নিজা পৰিচয় এটা কেতিয়া গঢ়ি তুলিব পাৰিম…মোক এটা পৰিচয় লাগে।’ এই পৰিচয় গঢ়ি তোলাৰ চিন্তাই ল’ৰাজনক অন্য সৃষ্টিমূলক কাম কৰিবলৈ উদগণি যোগালে। ১৯৮৫ চনত সি PENTAX KIOO মডেলৰ এটা কেমেৰা কিনি ঘৰলৈ আনে। কেমেৰাটোৰ দাম আছিল ২৭০০ টকা। এই কেমেৰাটোৰে সি ফটোগ্ৰাফী কৰিবলৈ ল’লে। যিবোৰ ফটো ল’ৰাটোৱে বিক্ৰী কৰে মাত্ৰ ২০-৩০ টকাত। সি ভাবে টকা ডাঙৰ কথা নহয়, মোৰ মনৰ চখটো যে পূৰণ হৈছে সেয়াই বহুত ডাঙৰ কথা। ১৯৯১ চনৰ ‘ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ’ত ফটোগ্ৰাফী কৰি ল’ৰাটোৱে নাম আৰু টকা দুয়োটাই অৰ্জন কৰিবলৈ সক্ষম হ’ল। আনফালে ল’ৰাটোৰ নতুনকৈ প্ৰেম হ’ল অভিনয়ৰ লগত। অভিনয় শিকাৰ মানসেৰে হংসৰাজ ছিদ্দিকীৰ ওচৰত ১৯৮১-৮৩ চনলৈকে প্ৰশিক্ষণ লয়।

অভিনয় শিকি বুজি উঠি থিয়েটাৰ,নাটক আদিত সি অভিনয় কৰিবলৈ ল’লে। লাহেকৈ ভৰি দিলে বিজ্ঞাপন জগতত। ফাণ্টা, চিয়েট, ক্ৰেকজেক আদি বিজ্ঞাপনত ভাগ লৈ সি দেখুৱালে অভিনয় দক্ষতা। লৰাজনৰ অভিনয় প্ৰতিভা চিনি উলিয়ালে বলীউডৰ বিখ্যাত প্ৰযোজক বিধু বিনোদ চোপ্ৰাই। এদিন প্ৰযোজক চোপ্ৰাই ল’ৰাজনক মাতি আনি এখন চিনেমাৰ বাবে চহী কৰোৱায় আৰু হাতত তুলি দিয়ে ২ লাখ টকাৰ অগ্ৰিম ধনৰ এখন চে’ক। সেই সময়ত ল’ৰাজনৰ অৱস্থা কি হ’ব পাৰে এবাৰ কল্পনা কৰকচোন। ২০০৩ চনত বলীউডত মুক্তি লাভ কৰে বিধু বিনোদ চোপ্ৰা প্ৰযোজিত আৰু ৰাজকুমাৰ হিৰাণী পৰিচালিত চিনেমা ‘মুন্নাভাই এম বি বি এছ’-এ। মুক্তিৰ লগে লগে এই চিনেমাখনে লাভ কৰিলে অপাৰ জনপ্ৰিয়তা। বলীউডৰ সৰ্বকালৰ জনপ্ৰিয় চিনেমাৰ তালিকাত এতিয়াও নাম অক্ষুণ্ণ আছে এই চিনেমাখনৰ।

‘মুন্নাভাই এম বি বি এছ’-ত ‘ডঃ জে চি আস্থানা চৰিত্ৰত বোমন ইৰাণী

‘মুন্নাভাই এম বি বি এছ’-ত ‘ডঃ জে চি আস্থানা’ নামৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে নতুন অভিনেতাজনে। ‘মামু’ নামেৰে জনপ্ৰিয় হৈ উঠে তেওঁ। অতপৰে কাৰ কথানো কৈ আছিলো এতিয়া নিশ্চয়কৈ বুজিব পাৰিছে নহয় জানো। তেওঁ আন কোনো নহয়..তেওঁ বোমন ইৰাণী। জীৱনৰ প্ৰথমখন চিনেমাতে অভিনয়েৰে তোলপাৰ লগালে বোমনে। ইয়াৰ পিছৰখিনি মাথোঁ ইতিহাস। প্ৰস্তাৱ আহিল ইখনৰ পিছত সিখন ছবিৰ। মুন্নাভাই এম বি বি এছ-ৰ পাছত আহিল লগে ৰহ’ মুন্নাভাই, থ্ৰী ইডিয়টছ, ডন, ডন-২, ন’ এন্ট্ৰী, ককটেইল, হনীমুন প্ৰাইভেটছ লিমিটেড, পেজ থ্ৰী, হাউচফুল, হাউচফুল-২, খোচলা কা ঘোচলা, ৱক্ত, বীৰজাৰ, দ’স্তানা, লক্ষ্য আদি। অনেক জনপ্ৰিয় চিনেমাত অভিনয় কৰি বোমন ইৰাণীয়ে বলীউডৰ আগশাৰীৰ অভিনেতাৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল।

আৰু পঢ়কঃ এটা যুগৰো অধিক কাল তেওঁ ৰৈ আছিল সুযোগৰ বাবে, এতিয়া সফলতাই তেওঁক খেদি ফুৰে…

সেই যে এটা সময়ত নিজৰ পৰিচয় এটা গঢ়িব বিচাৰিছল ল’ৰাজনে, সেয়া সময়ত প্ৰতিপন্নও কৰিলে। বিভিন্ন বঁটা-বাহনেৰে আলোকিত এতিয়া তেওঁৰ জীৱন। কথা ক’ব নোৱাৰা বাবে এটা সময়ত লগৰীয়াবোৰে তেওঁক ‘তোতলা’ বুলি জোকাইছিল, সেই কণ্ঠই এতিয়া বিয়পি পৰিল সৰ্বত্ৰে। মানুহজনক নেদেখাকৈয়ে মাতটো দূৰৰ পৰা ভাঁহি আহিলেও চিনি উলিয়াব পাৰি সেয়া বোমন ইৰাণীৰ মাত। ৱেটাৰৰ পৰা এক্টৰ হোৱা বোমন ইৰাণীয়ে আমাক এটা কথাই শিকালে….মানুহে নোৱাৰা কাম কি আছে এই দুনীয়াত!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular