spot_img
26 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়৩১ আগষ্টৰ ভিতৰত আফগান ভূমি ত্যাগৰ নিৰ্দেশ, কি প্ৰতিক্ৰিয়া আমেৰিকাৰ?

৩১ আগষ্টৰ ভিতৰত আফগান ভূমি ত্যাগৰ নিৰ্দেশ, কি প্ৰতিক্ৰিয়া আমেৰিকাৰ?

বাশ্বিংটন : তালিবানৰ তীব্ৰ সকীয়নিৰ পাছত ৩১ আগষ্টৰ ভিতৰত নাগৰিকক নিষ্কমণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ তৎপৰ হৈ পৰিছে আমেৰিকা। ৩১আগষ্টৰ ভিতৰত আফগানিস্তানৰ ভূমি মাৰ্কিন সেনামুক্ত নহ’লে পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিছিল মৌলবাদী সংগঠনটোৱে। তাৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ।

অৱশ্যে, তাৰ মাজতে ৰাষ্ট্ৰপতি জো বাইডেনে বিকল্প পৰিকল্পনা প্ৰস্তুত কৰিবলৈকো আহ্বান জনাইছে বিষয়াবৰ্গক। কিয়নো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত দেশখন ত্যাগ কৰিব খোজা লোকসকলক আঁতৰাই নিয়াৰ বাবে তালিবানৰ সহযোগ জৰুৰী হ’ব বুলি তেওঁ উল্লেখ কৰে।

এয়াৰপ’ৰ্টলৈ যোৱাৰ পথত তালিবানে বাধা-নিষেধ আৰোপ কৰাৰ বাবে বহু লোকে আফগানিস্তানৰ পৰা বাহিৰ ওলোৱাৰ পৰিকল্পনা কৰিলেও সেইটো সম্ভৱ হৈ উঠা নাই। এনে পৰিপ্ৰেক্ষিতত নিষ্কমণ প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ আশংকাৰ সৃষ্টি হৈছে। কিন্ত যদিহে এই সময়সীয়া বৃদ্ধি কৰিবলগীয়া হয় তেন্তে তাৰ বাবে পেণ্টাগন আৰু গৃহ বিভাগক বিকল্প আৰু তাৎক্ষণিক পৰিকল্পনা যুগুত কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি জো বাইডেনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
20 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular