spot_img
35 C
Guwahati
Monday, September 27, 2021
Homeআন্তঃৰাষ্ট্ৰীয়সন্ত্ৰাসজৰ্জৰ আফগানিস্তানৰ পৰা সামান্য সকাহৰ বাৰ্তা! সুৰক্ষিত হ’বনে হিন্দু-শিখ?

সন্ত্ৰাসজৰ্জৰ আফগানিস্তানৰ পৰা সামান্য সকাহৰ বাৰ্তা! সুৰক্ষিত হ’বনে হিন্দু-শিখ?

নতুন দিল্লী : আফগানিস্তানত তালিবানে পুনৰ শাসন দখল কৰাৰ পাছত তাত থকা ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সংশয় ঘণীভূত হৈ পৰিছে। আন বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ লগতে হিন্দু-শিখ আদি লোকসকলো তালিবানৰ নিৰ্যাতনৰ বলি হোৱাৰ আশংকা গাঢ় হৈ পৰিছে তাৰ মাজতে সামান্য সকাহৰ বাৰ্তা আহিছে আফগানিস্তানৰ পৰা। আফগানিস্তানত থকা হিন্দু আৰু শিখসকলক তালিবানে অভয়বাণী দিয়াৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

তালিবানে প্ৰচাৰ কৰা এটা ভিডিঅ’ত কোৱা হৈছে যে, তালিবানে এইসকল লোকক সুৰক্ষাক লৈ শংকিত নহ’বলৈ আৰু কোনো উদ্বিগ্নতাৰ মাজত নাথাকিবলৈ নিশ্চয়তা প্ৰদান কৰিছে। কাবুল গুৰুদ্বাৰৰ মুৰব্বীগৰাকীৰ এই বিষয়ক এটা মন্তব্য আকালি দলৰ এজন মুখপাত্ৰ আৰু তালিবানে প্ৰচাৰ কৰে। সংবাদ প্ৰতিষ্ঠান আল জাজিৰাই এই ভিডিঅ’টো প্ৰচাৰ কৰিছে। তদুপৰি ইছলামিক এমিৰেট অব আফগানিস্তানৰ ৰাজনৈতিক কাৰ্যালয়ৰ এজন মুখপাত্ৰ এম নায়িমেও এই ভিডিঅ’টো টুইটাৰৰ জৰিয়তে প্ৰচাৰ কৰিছে।

আনহাতে আকালি দলৰ মনজিন্দৰ সিং শীৰ্ষায়ো এই ভিডিঅ’ টুইট কৰে। ভিডিঅ’টোত প্ৰকাশ কৰা মতে, তালিবানে হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকক সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰকাশ কৰিছে। এয়া তালিবানৰ নিজৰ ভাৱমূৰ্তি নিকা কৰাৰ প্ৰচেষ্টা নে কট্টৰ মৌলবাদী সংগঠনটোৱে স্বৰূপাৰ্থতে এনে চিন্তা কৰিছে সেয়া সময়েহে ক’ব যদিও এই ভিডিঅ’ দুৰ্যোগৰ মাজতে সামান্য সকাহ হিচাপে বিবেচিত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
2.1kmh
40 %
Mon
35 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular