তালিবানৰ দখলত থকা আফগানিস্তানত গুঞ্জিৰত ‘হৰে ৰাম হৰে কৃষ্ণ’! হিন্দুসকলৰ নৱৰাত্ৰি পালন

0
1541
আফগানিস্তান
তালিবানৰ দখলত থকা আফগানিস্তানত গুঞ্জিৰত হৈছে 'হৰে ৰাম হৰে কৃষ্ণ'!

ডিজিটেল ডেস্কঃ তালিবানৰ দখলত থকা আফগানিস্তানত গুঞ্জিৰত হৈছে ‘হৰে ৰাম হৰে কৃষ্ণ’। শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই সত্য। সন্ত্ৰাস, ভীতিগ্ৰস্ততাৰে জৰ্জৰিত আফগানিস্তানত এক অতুলনীয় দৃশ্য দেখিবলৈ পোৱা গ’ল। আফগানিস্তানৰ ৰাজধানী কাবুলত হিন্দুসকলে পবিত্ৰ নৱৰাত্ৰি উপলক্ষে নাম-কীৰ্তন কৰাৰ লগতে একেলগে আওৰায় ‘হৰে ৰাম হৰে কৃষ্ণ’। হিন্দুসকলে কাবুলৰ আসমাই মন্দিৰত নাম-কীৰ্তন কৰাৰ লগতে ভক্তি সহকাৰে দেৱ-দেৱীসকললৈ সেৱা আগবঢ়ায়।

কাবুলৰ আসমাই মন্দিৰৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ৰাম শৰণ সিঙে কয় যে ”নৱৰাত্ৰি উপলক্ষে এই মন্দিৰত পূজা-অৰ্চনা হোৱাৰ লগতে দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য বিতৰণ কৰা হয়”। এই অনুষ্ঠানত হিন্দুসকলৰ লগতে শিখ ধৰ্মৰ লোকসকলেও ভাগ লৈছিল। প্ৰায় ১৫০ জন লোক সমবেত হৈ আসমাই মন্দিৰত উদযাপন কৰে নৱৰাত্ৰি। তালিবানী শাসনৰ মাজত ভয়ে ভয়ে দিন কটোৱা হিন্দু আৰু শিখসকলে ভাৰত চৰকাৰক অতি সোনকালে আফগানিস্তানৰ পৰা তেওঁলোকক স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে।

এই লোকসকলে কয় যে, আফগান অৰ্থনৈতিক পৰিস্থিতি এই মুহূৰ্তত ভাল নহয় আৰু তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আসমাই মন্দিৰ কাবুলত অৱস্থিত ‘কৰতে পাৰৱান’ গুৰুদ্বাৰৰ পৰা ৪-৫ কিলোমিটাৰ দূৰত অৱস্থিত। ‘কৰতে পাৰৱান’ গুৰুদ্বাৰক যোৱা সপ্তাহত সন্দেহযুক্ত তালিবান যোদ্ধাই ভাঙি চূৰমাৰ কৰিছিল।