spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, জানুৱাৰী 26, 2022
Homeআঞ্চলিকপুনৰ হাতী-মানুহৰ সংঘাত , পৰিত্ৰাণ পাবনে ৰংজুলি-জাগুনবাসীয়ে?

পুনৰ হাতী-মানুহৰ সংঘাত , পৰিত্ৰাণ পাবনে ৰংজুলি-জাগুনবাসীয়ে?

ডিজিটেল ডেস্কঃ অৰণ্যৰ অবাধ ধ্বংসলীলাই ভাবুকি কঢ়িয়াই আনিছে জীৱনকুললৈ। ঘন বননিৰ পৰিৱৰ্তে জনাঞ্চলে হৈ পৰিছে জীৱকুলৰ আশ্ৰয়স্থল। ফলস্বৰূপে, দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত । ধুবুৰীৰ পৰা শদিয়ালৈ চাহ বাগিচাৰে আবৃত্ত অঞ্চলসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ মুক্ত বিচৰণ। হাতী-মানুহৰ সংঘাতত প্ৰত্যেক বছৰে ৰাজ্যত মৃত্যু হোৱা লোকৰ উদাহৰণো অনেক। তথাপি শাসনাধিষ্ঠ চৰকাৰখনে যথোপযুক্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় লোকৰ । অসাধু ব্যৱসায়ীয়ে বনাঞ্চল ধ্বংসৰ জৰিয়তে দিনে-নিশাই চলাই গৈছে ৰমৰমীয়া বেহা। অসমত দীৰ্ঘদিন ধৰি চলি আহিছে এই ব্যৱসায়।

নামনি অসমৰ গোৱালপাৰাৰ ৰংজুলিৰ পাছত এইবাৰ জাগুনত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী-মানুহৰ সংঘাত । বিগত কেইদিনমানৰ পৰা জাগুন বন বিভাগৰ অন্তৰ্গত বিভিন্ন দাঁতিকাষৰীয়া অঞ্চল ক্ৰমে ৰামপূৰ , কথাচেমা, কথাআদৰ্শ ,আহোমপথা, কংকান গাঁও, জাগুন বন গাঁও, আদি অঞ্চলসমূহত ধাৰাবাহিক ভাবে অব্যাহত আছে বনৰীয়া হস্তীৰ উপদ্ৰৱ। এই গাঁও সমূহৰ ৰাইজে উজাগৰে নিশা কটাবলগীয়া হৈছে। বিহুৰ নিশাও জাগুনৰ কংকান গাঁৱত চলিল বনৰীয়া হাতীৰ উপদ্ৰৱ।

গাঁঁও খনৰ খগেন দলে নামৰ লোক জনৰ এখন গেলামালৰ দোকান ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে দোকানখনত মজুত ৰখা  কেইবাবস্তা চাউল, দালি আদিকে ধৰি বিভিন্ন সামগ্ৰী নষ্ট কৰে। পূৰ্বতেও একেগৰাকী ব্যক্তিৰ দোকানখন বন্যহস্তীয়ে দুবাৰকৈ ভাঙিছিল। সৰ্বস্ৰান্ত হৈ এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে খগেন দলে নামৰ ব্যক্তিজনে। এতিয়াও অঞ্চলটোত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডব। বন্যহস্তীৰ উন্মুক্ত বিচৰণে দৈনন্দিন জীৱনতো ত্ৰাসৰ সৃষ্টি কৰিছে বুলি সদৰী কৰিছে স্থানীয় লোকে। এতিয়া চৰকাৰ বা সংশ্লিষ্ট কৰ্তৃপক্ষই কিধৰণৰ ব্যৱস্তা হাতত লয় সেয়াহে হ’ব লক্ষ্যণীয়!

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular