‘কৃষকৰ মৃত্যু পৰোৱানা’ : ৰাজ্যসভাত কৃষি বিধেয়ক উত্থাপন

নতুন দিল্লী : ৰাজ্যসভাত উত্থাপন হ’ল বহু বিতৰ্কিত কৃষি বিধেয়ক। লোকসভাত এই বিধেয়ক গৃহীত কৰাৰ পাছতে পঞ্জাৱ-হাৰিয়ানাৰ কৃষকসমাজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, এই বিধেয়কৰ পৰিপ্ৰেক্ষিততে এনডিএ চৰকাৰৰ পৰা পদত্যাগ কৰিছে শিৰোমণি আকালি দলৰ প্ৰতিনিধি হৰছিমৰাত কৌৰ বাদলে। পুৰণি মিত্ৰদলটোৰে বিজেপিৰ সম্পৰ্ক একপ্ৰকাৰ ব্যাহত হোৱা দেখা গৈছে এই বিধেয়কৰ পৰিপ্ৰেক্ষিততে।

আৰু পঢ়িব পাৰিব: দলীয় নেতৃত্বৰে সংঘাত : এইবাৰ টিকট নাপায় প্ৰফুল্ল কুমাৰ মহন্তই!

পিছে এই বাদ-বিবাদৰ পাছতো আজি ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে। বিধেয়কক লৈ চলি থকা বিতৰ্কত অংশগ্ৰহণ কৰি বিৰোধী দল কংগ্ৰেছে এই বিধেয়কক ‘কৃষকৰ মৃত্যু পৰোৱানা’ আখ্যা দিছে। এই বিধেয়ক উত্থাপনৰ পাছতে ইয়াক নস্যাৎ কৰাৰ কথা প্ৰকাশ কৰি কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰতাপ সিং বাজৱাই তীব্ৰ বিৰোধ কৰে। তেওঁ এই বিধয়কক আখ্যা দিয়ে কৃষকৰ আত্মাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰে।

আৰু পঢ়িব পাৰিব:‘এজেপি’ক কপি, পেষ্ট কৰা দল আখ্যা পিযুষ হাজৰিকাৰ

তেওঁ কয়, ‘কংগ্ৰেছে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে। কংগ্ৰেছ দলে কৃষকৰ এই মৃত্যু পৰোৱানাত স্বাক্ষৰ কৰিব নোৱাৰে, নকৰে। চৰকাৰে যি লাভৰ কথা কৈ আহিছে সেই লাভ কৃষকসকলে বিচৰাই নাই, তেনেহ’লে তেওঁলোকক কিয় জোৰ কৰি খুৱাবলৈ চেষ্টা কৰা হৈছে?’ এই বিধেয়ক গৃহীত হ’লে কৰ্প’ৰেট প্ৰতিষ্ঠানবোৰ কৃষি ভূমি হস্তগত কৰিব বুলিও তেওঁ অভিযোগ কৰে। আনহাতে বিজেপিৰ মিত্ৰদল শিৰোমণি আকালি দলেও এই বিধেয়কৰ বিৰোধিতা কৰি কৃষকসকলক দুৰ্বল বুলি নাভাবিবলৈ চৰকাৰক সকীয়াই দিছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES