spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeৰাষ্ট্ৰীয়কাৰাগাৰেই ঠিকনা হ'ব নেকি অজয় দেৱগন, অক্ষয় কুমাৰ, চলমান খানৰ?

কাৰাগাৰেই ঠিকনা হ’ব নেকি অজয় দেৱগন, অক্ষয় কুমাৰ, চলমান খানৰ?

ডিজিটেল ডেস্কঃ ২০১৯ চনত হায়দৰাবাদত সংঘটিত এক ভয়ংকৰ ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ কঁ‌পাই তুলিছিল। সিদিনা এগৰাকী যুৱতীক চাৰিজন পাষাণ পুৰুষে ধৰ্ষণ কৰি অৱশেষত জ্বলাই দিছিল তেওঁৰ দেহ। সেই সময়ত, সময়ত সমগ্ৰ দেশবাসীৰ লগতে বলিউডৰ তাৰকাসকলেও সামাজিক মাধ্যমৰ যোগদি শোকপ্ৰকাশ কৰিছিল। তেওঁলোকে ভুক্তভোগীৰ নাম মুকলিকৈ প্ৰকাশ কৰিছিল।

শেহতীয়া বাতৰি অনুসৰি, ধৰ্ষণৰ বলি হোৱা যুৱতী গৰাকীৰ পৰিচয় ছ’ছিয়েল মিডিয়াত প্ৰকাশ কৰাৰ বাবে অজয় দেৱগান, অক্ষয় কুমাৰ, চলমান খান, ৰকুল প্ৰীত সিঙকে ধৰি বলিউডৰ ৩৮ গৰাকী তাৰকাৰ বিৰুদ্ধে অধিবক্তা গৌৰৱ গুলাটিয়ে গোচৰ ৰুজু কৰিছে। আইন অনুসৰি, ধৰ্ষণ বা প্ৰতাৰণাৰ বলি হোৱা কোনো ভুক্তভোগীৰ নাম সংবাদ মাধ্যম বা যিকোনো ৰাজহুৱা মঞ্চত উল্লেখ কৰাতো অনৈতিক।

গৌৰৱ গুলাটিয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২২৮-A ধাৰাৰ অধীনত দিল্লীৰ চাবজি মাণ্ডি আৰক্ষী থানাত গোচৰ ৰুজু কৰে। অধিবক্তাজনে ক্ষোভেৰে ক’য় যে সমাজিক দায়বদ্ধতাসম্পন্ন এইসকল তাৰকাই তেওঁলোকৰ নৈতিক দায়িত্বখিনিও পাহৰি গ’ল!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular