spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeমনোৰঞ্জনছবৰীমালা মন্দিৰ দৰ্শনৰ বাবে অজয় দেৱগণৰ ৪১ দিনৰ কঠোৰ সাধনা! খালি ভৰিৰে...

ছবৰীমালা মন্দিৰ দৰ্শনৰ বাবে অজয় দেৱগণৰ ৪১ দিনৰ কঠোৰ সাধনা! খালি ভৰিৰে মন্দিৰত উপস্থিত

ডিজিটেল ডেস্কঃ কপালত তিলক, দেহত ক’লা কাপোৰ আৰু ডিঙিত মালা পিন্ধা অজয় দেৱগনৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বলীউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগণৰ এই ফটো ভাইৰেল হোৱাৰ লগে লগে তেওঁৰ অনুৰাগীসকলে ভাবিছিল যে এয়া তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰখনৰ চেহেৰা কিন্তু এয়া কোনো চিনেমাৰ দৃশ্য নাছিল। অজয়ে আয়াপ্পা স্বামীৰ আশীৰ্বাদ লবলৈ যাত্ৰা কৰাৰ ফটো আছিল সেয়া। অজয় দেৱগণে প্ৰথম ৪১ দিন কঠোৰ উপবাস কৰিছিল। তাৰপাছত তেওঁ বুধবাৰে ভগৱান আয়াপ্পাৰ পৰা আশীৰ্বাদ ল’বলৈ কেৰালাৰ ছবৰীমালা মন্দিৰত উপস্থিত হৈছিল। যিসকলে ছবৰীমালাত ভগৱান আয়েপ্পাক চাবলৈ আকাংক্ষা কৰে তেওঁলোকে প্ৰথম ৪১ দিনৰ বাবে কঠিন ৰীতি-নীতি পালন কৰিব লাগে। ইয়াক ‘মণ্ডলম’ বুলি কোৱা হয়।

 

কঠিন নিয়ম অনুসৰণ কৰি খালি ভৰিৰে অজয় ছবৰীমালা মন্দিৰত উপস্থিত হয়। অজয়ে আয়েপ্পা ভগৱানক পূজা-অৰ্চনা কৰাৰ পাছত তেওঁ তুলসীৰ মালা পিন্ধে। অজয়ক পৰৱৰ্তী কেইবাদিনো ক’লা পোছাকত দেখা যাব। ছবৰীমালা মন্দিৰ দৰ্শন কৰাৰ পাছত অজয় দেৱগণ পোনপটীয়াকৈ কামলৈ উভতি আহিছিল। তেওঁক ডাবিং ষ্টুডিঅ’ৰ বাহিৰত দেখা গৈছিল। ছবৰীমালা মন্দিৰ দৰ্শন কৰোতে অজয় যেনে ৰূপত আছিল তেনে ৰূপতে দেখা গৈছিল অজয় দেৱগণক।

আনকি অজয় দেৱগণৰ ভৰিত জোতা বা চেন্দেলো নাছিল। ছবৰীমালালৈ যোৱাৰ পূৰ্বে ৪১ দিন পৰ্যন্ত সকলো সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ ব্ৰহ্মচৰ্য নিয়ম পালন কৰা প্ৰয়োজন। সেইকেইদিন কেৱল নীলা বা ক’লা কাপোৰ পিন্ধিব লাগিব। ডিঙিত তুলসীৰ মালা পিন্ধিব লাগিব আৰু পাতল আহাৰ দিনত কেৱল এবাৰহে খাব লাগিব। সন্ধিয়া উপাসনা কৰিব লাগিব আৰু মাটিত শুব লাগিব।

এই ব্ৰতৰ পূৰ্ণাহুতিৰ সময়ত এগৰাকী পুৰোহিতৰ নিৰ্দেশনাত সকলো পূজা-পাঠ কৰিব লাগিব। মন্দিৰ ভ্ৰমণৰ সময়ত ভক্তৰ মূৰত দুটা মোনা ৰাখিব লাগিব। এটাত ঘিউৰে ভৰ্তি নাৰিকল আৰু পূজাৰ সামগ্ৰী থাকে আৰু আনটোত খাদ্য সামগ্ৰী থাকে। এনেদৰে ভক্তই ছবৰী পীঠ পৰিক্ৰমা কৰিব লাগিব। তাৰপাছত ভক্তই ১৮ টা খোজৰে মন্দিৰত প্ৰৱেশ কৰিব লাগিব। এনেদৰে কঠোৰ পৰিক্ৰমাৰ মাজেৰে অজয় দেৱগণে দৰ্শন কৰে ছবৰীমালা মন্দিৰ আৰু আয়েপ্পা ভগৱানৰ আশীৰ্বাদ গ্ৰহণ কৰে।

উল্লেখ্য যে ছবৰীমালা মন্দিৰ দৰ্শন কৰাৰ সময়ত অমিতাভ বচ্চনেও এই উপবাস ৰাখিছিল। বিগ বিয়ে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ উপবাসৰ সময়ত ৪১ দিন সন্ন্যাসীৰ জীৱন কটাইছিল। এয়া ১৯৮৪ চনৰ কথা। অমিতাভে খালি ভৰিৰে ছবৰীমালালৈ যাত্ৰা কৰিছিল। বিবেক অবেৰয়েও প্ৰায়ে ছবৰীমালা মন্দিৰ দৰ্শন কৰে আৰু উপবাস পালন কৰে।

আৰু পঢ়কঃ অদ্ভূত চখ! দেহৰ এক অংশও বাচি নোযোৱাকৈ টাটু অংকন যুৱতীৰ; বাচি নগ’ল চকুও

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular