--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে ৰাঁচী টেষ্টত জয়লাভ কৰাৰ দুদিন পিছত আইচিচিৰ নতুন টেষ্ট ক্ৰিকেট ৰেংকিঙত ভাৰতীয় ক্ৰিকেটাৰসকলৰ যথেষ্ট উন্নতি হৈছে। শুবমান গিল, ধ্ৰুৱ জুৰেল, ইয়াছৱী জয়ছৱালৰ দৰে যুৱ ক্ৰিকেটাৰে ৰেংকিঙত অগ্ৰগতি লাভ কৰিছে। 

ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাত এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰা যশ্ছৱীয়ে বেটছমেনৰ তালিকাৰ দ্বাদশ স্থানলৈ তিনি খোজ আগুৱাই গৈছে। এই তালিকাত চাৰি খোজ আগুৱাই ৩১ নম্বৰ স্থানত আছে শুবমান। ৰাঁচী টেষ্টৰ শ্ৰেষ্ঠ উইকেটকীপাৰ বেটছমেন জুৰেলে বেটছমেনৰ ৰেংকিঙত ৬৯ নম্বৰ স্থানত আছে।

ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নেখেলা বিৰাট কোহলীয়ে দুটা স্থান হ্ৰাস কৰি নৱম স্থান লাভ কৰে। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে এটা স্থান হ্ৰাস কৰি ত্ৰয়োদশ স্থানত উপনীত হৈছে। এবছৰতকৈও অধিক সময় খেলপথাৰৰ বাহিৰত থকা ঋষভ পণ্টে টেষ্ট বেটছমেনৰ তালিকাত ১৪ নম্বৰ স্থান অক্ষুণ্ণ ৰাখিছে। এই তালিকাৰ শীৰ্ষত আছে নিউজিলেণ্ডৰ কেন উইলিয়ামছন।

টেষ্ট ক্ৰিকেটৰ বলাৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে যশপ্ৰীত বুমৰাহ। চতুৰ্থ টেষ্টৰ বাবে তেওঁক জিৰণি দিয়া হয়। দ্বিতীয় স্থানতো অক্ষুণ্ণ ৰাখিছে ৰবিচন্দ্ৰন অশ্বিনে। ছয় নম্বৰত আছে ৰবীন্দ্ৰ জাডেজা। ৩২ নম্বৰ স্থানত ১০ স্থান আগবাঢ়ি আছে কুলদীপ যাদৱ। শীৰ্ষ ১০ গৰাকী টেষ্ট অলৰাউণ্ডাৰৰ ভিতৰত তিনিগৰাকী ভাৰতৰ। জাদেজা আৰু অশ্বিনে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে। অক্ষৰ পেটেলে এখোজ তললৈ নামি পঞ্চম স্থান লাভ কৰে।

ইংৰাজী ক্ৰিকেটাৰৰ কেইবাগৰাকীও ক্ৰিকেটাৰে ৰেংকিঙত উন্নতি সাধন কৰিছে। অ’পেনাৰ জেক ক্ৰ’লিয়ে বেটছমেনৰ ক্ৰমত ১০টা স্থান বৃদ্ধি কৰি ১৭ নম্বৰ স্থান লাভ কৰিছে। তৃতীয় স্থানত দুখোজ আগবাঢ়ি আছে জো ৰুট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ