‘এজেপি’ক কপি, পেষ্ট কৰা দল আখ্যা পিযুষ হাজৰিকাৰ

বাকসা : ‘আছু আৰু এজেৱাইচিপিৰ নেতৃত্বত গঠন হোৱা এজেপি এটা কপি, পেষ্ট কৰা দল ৷ যিটো দলে আনৰ পৰা নামৰ লগতে শ্লোগান ধাৰ কৰিছে ৷ আনৰ পৰা মানুহো আনিব ৷ গতিকে এনে ৰাজনৈতিক দল এদিন বতাহৰ লগত মিলি যাব’ বাকসা জিলাৰ মুছলপুৰত অনুষ্ঠিত বিজেপিৰ এক কৰ্মী সভাত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই এইদৰে মন্তব্য কৰে ৷

আৰু পঢ়িব পাৰিব:ৰাজ্যত অপৰিবৰ্তীত ৰূপত কৰ’নাৰ স্থিতি : পজিটিভিটিৰ হাৰ ৭.৩৮

মন্ত্ৰীগৰাকীৰ মতে এইবাৰ বিটিচি পৰিষদ বিজেপিয়ে দখল কৰিবটো নিশ্বিত ৷ ইফালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজে ক’ভিড প্ৰটকল উলংঘা কৰা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷

আৰু পঢ়িব পাৰিব:নগা শান্তিচুক্তি : পৃথক পতাকা, সংবিধানৰ দাবীত অটল এনএছচিএন

তেওঁ কয়, ‘বিটিচি পৰিষদৰ নিৰ্বাচন উপলক্ষে বিটিচিৰ অন্যান্য ৰাজনৈতিক দলেও সভা-সমিতি অনুষ্ঠিত কৰি আহিছে ৷ তেনেক্ষেত্ৰত আমাৰ বিজেপি দলৰ কৰ্মকৰ্তা সকলেও মোক বিচৰা বাবে মই আহিছো ৷’ লগতে তেওঁ আন ৰাজনৈতিক দল সমুহে সভা সমিতি বন্ধ কৰিলে আমিও কৰিম বুলি উল্লেখ কৰে ৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES