Google search engine
28 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকঅসম জাতীয় পৰিষদ পদূলি শুঙা দল : হিমন্ত বিশ্ব শৰ্মা

অসম জাতীয় পৰিষদ পদূলি শুঙা দল : হিমন্ত বিশ্ব শৰ্মা

বাইহাটা চাৰিআলি : নিৰ্বাচনী বতাহৰ তীব্ৰতাৰ মাজতে আজি অসম জাতীয় পৰিষদক চোকা সমালোচনা কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ‘অজাপ’ক পদূলি শুঙা দল আখ্যা দিলে মন্ত্ৰীগৰাকীয়ে৷ বাইহাটাৰ কমলপুৰৰ প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিল অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অজাপৰ শ্ল’গানক ক্ষুৰধাৰ সমালোচনা কৰে৷

আৰু পঢ়িব পাৰিব : বোকাজানত জব্দ ড্ৰাগছঃ আটক ২ সৰবৰাহকাৰী

মিত্ৰজোঁটকো ক্ষুৰধাৰ সমালোচনা মন্ত্ৰী হিমন্তৰ৷ আনহাতে বিজেপিৰ জয়গুণ গাই তেওঁ কয়, ‘আমি অসমৰ ৰাইজৰ হৃদয়ত আছোঁ। ইয়াৰ বাবে আমাৰ বেলেগ চিনাকিৰ দৰকাৰ নাই৷’ ৫৬নংা কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিলৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মাই এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে।

আৰু পঢ়িব পাৰিব : আজমলৰ ইছলামিক ৰাষ্ট্ৰ! ভিডিঅ’ক লৈ তুমুল বিতৰ্ক

বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই জনসভাত কংগ্ৰেছ-এআইডিএফ দলক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, কমলপুৰ সমষ্টি বিজেপিক এৰি দিয়া বাবে অগপ নেতৃত্বক ধন্যবাদো জ্ঞাপন মন্ত্ৰী শৰ্মাই। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই। আনহাতে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

RELATED ARTICLES

Today's Weather

Guwahati
thunderstorm
28 ° C
28 °
28 °
78 %
1.5kmh
75 %
Wed
28 °
Thu
33 °
Fri
32 °
Sat
32 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular