Google search engine
28 C
Guwahati
Wednesday, July 28, 2021
Google search engine
Homeআঞ্চলিকমাতৃস্নেহত মোহাবিষ্ট অখিলঃ মনৰ বতৰাৰে পাৰ হ’ল উজাগৰী নিশা

মাতৃস্নেহত মোহাবিষ্ট অখিলঃ মনৰ বতৰাৰে পাৰ হ’ল উজাগৰী নিশা

যোৰহাট: মাতৃ-পুত্ৰৰ নিভাঁজ সৰ্ম্পক মধুময় কৰাৰ এক সোণোৱালী ইতিহাস ৰচিত হৈছে এইখন অসমত৷ পুত্ৰই হৈছে মাতৃৰ বাবে বিশেষ দৰব৷ পুত্ৰৰ এক ক্ষণ দৰ্শনে মাতৃৰ পৰা দূৰ কৰিব পাৰে সকলো বেজাৰ৷ এই সোণোৱালী ইতিহাসৰ সাক্ষী হ’ল সমগ্ৰ অসম৷

বিগত ডেৰবছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা ‘কা’ আন্দোলনত মুখ্য ভূমিকা পালন কৰা অখিল গগৈক প্ৰথমে ‘নিয়া’ আদালতৰ দ্বাৰা অনুমোদন পায় দুদিনৰ বাবে স্বগৃহত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ পুত্ৰ অখিল গগৈক কাষত পাই আনন্দিত মাতৃ প্ৰিয়দা গগৈ৷ ‘প্ৰাগ নিউজ’ৰ আগত আনন্দ ব্যক্ত কৰিলে মাতৃ প্ৰিয়দাই৷ ওৰেনিশা কথা পাতি কটালে মাতৃ-পুত্ৰই৷ উৎকট গৰমত বিচনীৰে বা লৈ পাতিলে কথা৷ পুত্ৰ পুনৰ জে’ললৈ উভতি যোৱাত ক্ষোভ নাই মাতৃৰ৷

মাতৃক কাষত পোৱাৰ হেঁপাহ পূৰ্ণ হ’ল বিধায়কগৰাকীৰ৷ মাতৃৰ বুকুত মূৰ গুঁজি দি শুনিলে বহু কথা৷ বৃদ্ধা মাতৃক লৈ বহু চিন্তাত আছিল অখিল গগৈ৷ ‘মাৰ বাবে মই এটা টেবলেট’ -বুলিও অখিল গগৈয়ে ব্যক্ত কৰে। লগতে ‘প্ৰাগ নিউজ’কো ধন্যবাদ জনায় অখিল গগৈয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Wed
34 °
Thu
33 °
Fri
31 °
Sat
31 °
Sun
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular