spot_img
14 C
Guwahati
14 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিক'আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু" : আদালতত অখিল গগৈ

‘আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু” : আদালতত অখিল গগৈ

গুৱাহাটী : কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আজি উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ বিধায়কগৰাকীৰ বিৰুদ্ধে চলি থকা ১৩৫ টা গোচৰৰ ভিত্তিতে উপস্থিত হয় আদালতত৷ তেওঁ জানিবলৈ দিয়া মতে লোহিয়াৰ ভূমি দখলৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়তে বিভিন্ন সময়ত ৰুজু কৰিছিল গোচৰসমূহ৷

যোৱা সাত বছৰ ধৰি চলি থকা গোচৰসমূহৰ ভিত্তিতে আজি উপস্থিত হোৱা বিধায়কগৰাকীয়ে ‘কা’বিৰোধী সংগ্ৰামখন পুনৰ চলাই যোৱাৰ ইংগিত বহন কৰে৷

উল্লেখ্য যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে দিয়া যুঁজখন জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই স্তিমিত হৈছিল বুলি অখিল গগৈয়ে মত প্ৰকাশ কৰে৷ তেঁও কয় যে, “ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ’লগৈ৷ আন্দোলনৰ নামত নাচ গান হ’ল৷” লগতে তেঁও আন্দোলন কৰি বিধায়ক নিৰ্বাচিত হোৱা বুলি উঠা প্ৰশ্নৰ সন্দৰ্ভত কয়, “মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো৷ আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু মই৷”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular