spot_img
28 C
Guwahati
Wednesday, September 22, 2021
spot_img
Homeআঞ্চলিক‘সুশান্ত-ৰূপজ্যোতিক হৰুৱাবলৈ কংগ্ৰেছৰে মিত্ৰতা’ : অখিল গগৈ

‘সুশান্ত-ৰূপজ্যোতিক হৰুৱাবলৈ কংগ্ৰেছৰে মিত্ৰতা’ : অখিল গগৈ

গুৱাহাটী: আগন্তুক উপ-নিৰ্বাচন, লোকসভা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাবে ৰাইজৰ দলে এতিয়াৰেপৰাই আৰম্ভ কৰিছে প্ৰস্তুতি৷ আজি বিধায়ক অখিল গগৈয়ে এক সংবাদমেলযোগে এই কথা সদৰী কৰে৷ সৰ্বভাৰতীয় আঞ্চলিক দলৰে আলোচনা অব্যাহতি আছে বুলিও লগতে তেওঁ কয়৷

উপ-নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে, এতিয়ালৈ উপ-নিৰ্বাচনক লৈ ৩খন বৈঠক অনুষ্ঠিত হৈছে৷ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগত আলোচনা চলি আছে৷ কংগ্ৰেছ ত্যাগ কৰা ন-বিজেপি সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীক নিৰ্বাচনত হৰুৱাবলৈ কংগ্ৰেছৰ সৈতে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু বুলিও অখিল গগৈয়ে কয়৷

কংগ্ৰেছে অকলে মৰিয়নি আৰু থাওৰা সমষ্টিত প্ৰাৰ্থী দিলে কংগ্ৰেছেও বিজেপিকেই সমৰ্থন কৰা হ’ব বুলি কয়৷ কংগ্ৰেছে যদি ৰাইজৰ দলৰ প্ৰস্তাৱ মানি নলয় তেতিয়া কংগ্ৰেছও বিজেপিৰ বি টিম হিচাপে বুজা যাব বুলি উল্লেখ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
28 ° C
28 °
28 °
74 %
0kmh
75 %
Wed
27 °
Thu
32 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular