Google search engine
25.9 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeআঞ্চলিকএয়া ন্যায় ব্যৱস্থাৰ জয়, মই সকলোকে ধন্যবাদ জনাইছোঁ : অখিল গগৈ

এয়া ন্যায় ব্যৱস্থাৰ জয়, মই সকলোকে ধন্যবাদ জনাইছোঁ : অখিল গগৈ

গুৱাহাটীঃ ‘এয়া ন্যায় ব্যৱস্থাৰ জয়, মই সকলোকে ধন্যবাদ জনাইছোঁ’- বহু প্ৰত্যাক্ষিত আৰু চৰ্চিত কাৰাৰুদ্ধ অখিল গগৈ আজি দোষমুক্ত হ’ল৷ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক নিয়া আদালতে সকলো অভিযোগৰ পৰা মুক্তি দিছে আৰু শীঘ্ৰেই জামিনত মুক্তি দিয়া হ’ব তেওঁক। মুক্তিলাভ কৰাৰ পাছতেই সংবাদিকৰ আগত ন্যায় ব্যৱস্থাৰ জয় বুলি মনোভাব প্ৰকাশ কৰে বিধায়কগৰাকীয়ে৷ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আন এটা গোচৰত নিৰ্দোষ সাব্যস্ত হোৱাৰ কেইদিনমানৰ পাছতে অসমৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে একমাত্ৰ অমীমাংসিত ইউএপিএ আৰু ৰাজদ্ৰোহৰ গোচৰত এক পৰিপূৰক অভিযোগ-পত্ৰৰ প্ৰস্তাৱ দিছিল।

শেহতীয়া ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ২০১৯ চনৰ ডিচেম্বৰৰ পৰা কাৰাগাৰত থকা গগৈয়ে কৈছিল যে, ‘তেওঁক কাৰাগাৰত ৰখাৰ ষড়যন্ত্ৰ কৰা হৈছে।’

আনহাতে ‘নিয়া’ৰ আদালতত আজি দোষমুক্ত হয় অতদিনে কাৰাৰুদ্ধ হৈ থকা বিধায়কগৰাকী৷ চানমাৰি থানাৰ গোচৰত দোষমুক্ত হয় অখিল৷ আজি গগৈ মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা! চাৰিওজন অভিযুক্তকে দোষমুক্ত কৰিলে আদালতে৷ দোষমুক্ত ধৈৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.9 ° C
25.9 °
25.9 °
93 %
2.9kmh
100 %
Thu
26 °
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular