spot_img
26 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeব্ৰেকিং নিউজনীৰজ চোপ্ৰাক অভিনয়ৰ অনুমতি! কোন বলীউড তাৰকাৰ অনুমোদন নীৰজক?

নীৰজ চোপ্ৰাক অভিনয়ৰ অনুমতি! কোন বলীউড তাৰকাৰ অনুমোদন নীৰজক?

নতুন দিল্লীঃ বলীউডৰ তাৰকা অক্ষয় কুমাৰে নীৰজ চোপ্ৰাক তেওঁৰ এখন বায়’পিকত অভিনয় কৰাতো বিচাৰিছে। সমাজিক মাধ্যমযোগে অক্ষয় কুমাৰে অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী নীৰজ চোপ্ৰাক ‘অতি সুন্দৰ ল’ৰা’ বুলি অভিহিত কৰাৰ লগতে তাৰকা খেলুৱৈজনে বিচাৰিলে তেওঁৰ এখন বায়’পিকত অভিনয় কৰিব পাৰে বুলি সদৰী কৰিছে।


সদ্যসমাপ্ত ট’কিঅ’ অলিম্পিকত স্বৰ্ণপদক অৰ্জন কৰা তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ২০১৮চনতে সদৰী কৰিছিল যে, ‘ভৱিষ্যতে যদি তেওঁৰ জীৱনৰ ওপৰত আধাৰিত ছবি নিৰ্মাণ হয় তেতিয়া তেওঁৰ চৰিত্ৰত অক্ষয় কুমাৰ বা ৰনদ্বীপ হুদাই অভিনয় কৰাতো বিচাৰিব।’ সম্প্ৰতি ঘটনাৰ এক আকৰ্ষণীয় পৰিৱৰ্তনত অক্ষয় কুমাৰে তেওঁৰ ছবিত নীৰজ চোপ্ৰাক বিচাৰিছে।


এক সাক্ষাৎকাৰত নীৰজৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বলীউড তাৰকাগৰাকীয়ে কয় যে, ‘নীৰজ চোপ্ৰা এজন অতি সুন্দৰ ল’ৰা। ভৱিষ্যতে মোৰ বায়’পিক নিৰ্মাণ হ’লে সেইখন ছবিত নীৰজে অভিনয় কৰা উচিত।’
উল্লেখ্য যে, মিম নিৰ্মাতাসকলে প্ৰচাৰ কৰা অক্ষয়-নীৰজৰ এখন ছবি সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। ভাইৰেল হৈ পৰা মিমটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি বলীউড তাৰকাগৰাকীয়ে কয়, ‘মই সেই মিমটো দেখিছিলো। ভাইৰেল হোৱা আলোকচিত্ৰখনত মই হাতত যাঁঠী লৈ আছিলোঁ। সেইখন ছবি মোৰ প্ৰথম চিনেমা ‘সৌগন্ধ’ৰ পৰা লোৱা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
26 ° C
26 °
26 °
89 %
0kmh
75 %
Thu
25 °
Fri
30 °
Sat
31 °
Sun
31 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular