spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeআঞ্চলিকদেশৰ ভৱিষ্যৎ প্ৰজন্মক লেখক; প্ৰধানমন্ত্ৰীৰ মেণ্টৰশ্বীপ কাৰ্যসূচীলৈ নিৰ্বাচিত অসমৰ তৰুণ

দেশৰ ভৱিষ্যৎ প্ৰজন্মক লেখক; প্ৰধানমন্ত্ৰীৰ মেণ্টৰশ্বীপ কাৰ্যসূচীলৈ নিৰ্বাচিত অসমৰ তৰুণ

ডিজিটেল ডেস্ক : কিতাপ পঢ়া আৰু লেখাৰ এক সুন্দৰ অভ্যাস গঢ়ি উঠিছে নৱ-প্ৰজন্মৰ মাজত৷ নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে যুৱ লেখকে৷ নেচনেল বুক ট্ৰাষ্ট আৰু ভাৰত চৰকাৰৰ দ্বাৰা আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ All India Contest of PM-Yuva Mentorship scheme ত দেশৰ ৭৫ জন যুৱ-লেখকৰ (৩০ বছৰ অনুৰ্ধ্ব) ভিতৰত স্থান লাভ কৰিছে প্ৰতিভাৱান যুৱ লেখক অসমীয়া ভাষাত প্ৰিয়ম ডি জোৎস্না আৰু বুদ্ধিদীপ্ত দিহিঙীয়াই আৰু বড়ো ভাষাত অনিলা স্বৰ্গীয়াৰী৷

দেশৰ ৭৫ জন যুৱ-লেখকৰ (৩০ বছৰ অনুৰ্ধ্ব) ভিতৰত স্থান লাভ কৰিছে ঢকুৱাখনাৰ এগৰাকী যুৱ লেখিকা প্ৰিয়ম ডি জোৎস্নাই। ২০২১ বৰ্ষৰ ১ জুনৰ পৰা ৩১ জুলাইলৈ হৈছিল এই প্ৰতিযোগিতাখন৷ ঢকুৱাখনাৰ আমোলাপট্টিৰ নিবাসী তথা অধ্যাপক দুলেন চমুৱা আৰু লেখিকা, শিক্ষয়িত্ৰী জোৎস্না বৰুৱাৰ একমাত্ৰ কন্যা প্ৰিয়ম ডি জোৎস্না৷ এই প্ৰতিযোগিতাখনত ব্যক্তিগত সাক্ষাৎকাৰ আৰু ৫,০০০ শব্দৰ পাণ্ডুলিপিৰ জৰিয়তে লাভ কৰে এই স্থান৷ নেচনেল বুক ট্ৰাষ্টে আয়োজিত কৰা এই প্ৰতিযোগিতাত প্ৰায় ১৬ হাজাৰজন যুৱ লেখকে অংশগ্ৰহণ কৰিছিল৷ ইয়াৰ ভিতৰত দেশৰ ৭৫জন যুৱ লেখক নিৰ্বাচিত হৈছে৷ তাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰিয়মে।

উল্লেখ্য যে, মুঠ ৭৫জন যুৱ-লেখকক একোজন বিশেষ লেখকৰ তত্বাৱধানত কিতাপ লিখিবলৈ দিয়া হ’ব। মাহে ৫০,০০০ টকাকে ৬ মাহলৈ মুঠ ৩ লাখ টকাৰ বৃত্তি প্ৰদান কৰা হ’ব। লগতে কিতাপসমূহ বিভিন্ন ভাষালৈ অনুবাদো কৰা হ’ব। ঢকুৱাখনাৰ প্ৰতিভাৱান যুৱ লেখিকা তথা কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী প্ৰিয়ম ডি জোৎস্নাই এই প্ৰতিযোগিতাত স্থান লাভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular