spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeআন্তঃৰাষ্ট্ৰীয়মহাকাশত আপুনি সন্তানো জন্ম দিব পাৰিব, দেওবাৰে পৃথিৱীলৈ ফুৰিব আহিব পাৰিব! কেনেদৰে...

মহাকাশত আপুনি সন্তানো জন্ম দিব পাৰিব, দেওবাৰে পৃথিৱীলৈ ফুৰিব আহিব পাৰিব! কেনেদৰে সম্ভৱ?

ডিজিটেল ডেস্কঃ বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ আমাৰ হাততে যেন সমগ্ৰ পৃথিৱীখন আছে, ছুইচ টিপিলেই আমি সমগ্ৰ পৃথিৱীখন দেখা পাওঁ৷ বিজ্ঞানৰ এই জয়জয়- ময়ময় পোহৰময় পৃথিৱীখনৰ ছাঁ আমি সকলোৱে লাভ কৰিবলৈ সক্ষম হৈছো৷ বিজ্ঞানে এনেকুৱা এখন পৃথিৱী গঢ় দিলে, যিখন পৃথিৱীত অসম্ভৱ বুলি একোৱেই নাই যেন বিজ্ঞানৰ বলত সকলোৱে সম্ভৱ৷ বিজ্ঞানীসকলেও দৈনন্দিন কেৱল ন-ন বস্তু উদ্ভাৱনৰ দৌৰতে আছে৷


শেহতীয়াকৈ আমেৰিকাৰ এজন আন্তৰাষ্ট্ৰীয় ব্যৱসায়ীয়ে এক অদ্ভুত মন্তব্য কৰিছে, তেওঁ কৰা এই মন্তব্য এতিয়া বিশ্ববাসীৰ বাবে যেন এক হাস্যকৰ হৈ পৰিছে৷ তেওঁৰ নাম জেফ বেজোছ৷ তেওঁ হৈছে এমাজন অনলাইন শ্বপিংৰ প্ৰতিষ্ঠাপক৷ তেওঁ ভৱিষ্যতবাণী কৰিছে যে, আগন্তুক কেইদিনমানৰ পাছত মানুহে হয়তো মহাকাশত থাকিব লাগিব৷ কিয়নো দিনক-দিনে পৃথিৱীৰ জনসংখ্যা ইমানেই বৃদ্ধি পাইছে যে, পৃথিৱীত থাকিবলৈ মানুহৰ ঠাই নোহোৱা হ’ব৷

ফটোত ভৱিষ্যতবাণী কৰা জেফ বেজোছ

লগতে তেওঁ ক’য় যে মহাকাশত মানুহে সন্তান পৰ্যন্ত জন্ম দিব পাৰিব আৰু মন গলেই তেওঁলোকৰ সন্তানক পৃথিৱীলৈ ফুৰাব আনিব পাৰিব৷ জেফে ৱাশ্বিংটন ডিচিৰ এটা অনুষ্ঠানত উপস্থিত হৈছিল আৰু তাতেই তেওঁ ভৱিষ্যতবাণী এই আজৱ ভৱিষ্যতবাণী কৰিছিল৷

তেওঁ ইমান আত্মবিশ্বাসী যে, খুব কম দিনৰ ভিতৰতে মানুহ মহাকাশত বসবাসৰ উপযোগী হৈ উঠিব লগতে তেওঁ ক’য় যে অন্য কোনো গ্ৰহত মানুহে জীৱন-যাপন কৰিবলৈ সম্ভন হৈ উঠা নাই, গতিকে মানুহে মহাকাশত বসবাস কৰাৰ বাদে বেলেগ বিকল্প নাই আৰু মহাকাশত তেওঁ বতাহ, বৰষুণ আৰু ধুমুহা নোহোৱাৰো আশংকা কৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular